Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 5:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 কিয়নো মোৰ প্ৰজাসকলৰ মাজত দুষ্টলোক পোৱা যায়; চৰাই-মৰিয়াই খাপ দি থকাৰ দৰে, তেওঁলোকে খাপ দি থাকে, তেওঁলোকে ফান্দ পাতি মানুহকেই ধৰে।

অধ্যায়টো চাওক কপি কৰক




যিৰি 5:26
16 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে যদি কয়, “আমাৰ লগত আহাঁ, আমি ৰক্তপাত কৰিবলৈ খাপ দি থাকোঁ; বিনা কাৰণে নিৰ্দ্দোষী লোকক আক্রমণ কৰিবলৈ লুকাই থাকোঁহক।


তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞঁৰ শুনা যাওঁক; কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাত খানিলে, আৰু মোৰ ভৰিলৈ ফান্দ পাতিলে!


সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে; গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে; সিহঁতে কয়, “এই আমাক কোনে দেখিব?”


চিমোনৰ ব্যৱসায়ৰ সঙ্গী চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ’ল। তেতিয়া যীচুৱে চিমোনক ক’লে, “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।”


যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।


তুমি উচ্চস্বৰে কান্দা, ৰৈ নাথাকিবা; শিঙাৰ দৰে উচ্চ-ধ্বনি কৰা, মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে, আৰু যাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোঁৱা।


প্রবঞ্চকলোকৰ প্রণালী মন্দ। তেওঁ নীতিহীন পদ্ধতিৰ পৰিকল্পনা কৰে, দুখীয়াই সঁচা কথা ক’লেও দুখীয়ালোকক মিছা কথাৰে ধ্বংস কৰিব।


তেওঁলোকৰ জিভা প্ৰাণনাশক বাণস্বৰূপ, সেয়ে ছলৰ কথা কয়; তেওঁলোক প্ৰতিজনে মুখেৰে ওচৰ-চুবুৰীয়াৰ লগত শান্তিৰ কথা কয়, কিন্তু অন্তৰত তাৰ বাবে খাপ দি থাকে।


উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰাণলৈ গাত খানিলে; মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা।


দুষ্ট লোকৰ ঘৰৰ সম্পত্তিবোৰ অসৎ, আৰু মিছা জোখবোৰ ঘিণলগীয়া।


পৃথিবীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ’ল, লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই; তেওঁলোক সকলোৱে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, প্ৰতিজন লোক আৰু তেওঁৰ ভায়েকসকলে জালেৰে আনকোনো এজন লোকক ধৰে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন