38 যিহোৱাই আৰু কৈছে, মই এলমত নিজ সিংহাসন স্থাপন কৰিম, আৰু তাৰ পৰা দণ্ডাজ্ঞা দি, ৰজা আৰু প্ৰধান লোকবিলাকক উচ্ছন্ন কৰিম।
তেওঁলোকক ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই দূত পঠিয়াই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰক অনোৱাম আৰু মই পুতি থোৱা এই শিলবোৰৰ ওপৰত তেওঁৰ সিংহাসন স্থাপন কৰিম; আৰু তেওঁ তাৰ ওপৰত নিজৰ ৰাজকীয় চন্দ্ৰতাপ তৰিব।
আৰু এলমৰ শত্ৰুবোৰৰ আগত, আৰু সিহঁতৰ প্ৰাণ বিচৰাবোৰৰ আগত মই সিহঁতক ব্যাকুল কৰিম; আৰু যিহোৱাই কৈছে মই সিহঁতৰ ওপৰলৈ অমঙ্গল, এনেকি মোৰ প্ৰচণ্ড ক্ৰোধ উপস্থিত কৰিম; আৰু সিহঁতক সংহাৰ নকৰালৈকে সিহঁতৰ পাছে পাছে মই তৰোৱাল পঠাম।
কিন্তু, যিহোৱাই কৈছে, শেষকালত মই এলমৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।
তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।