Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 49:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 কিয়নো যিহোৱাই এই কথা কৈছে, চোৱা, পাত্ৰত পান কৰা যিবিলাকৰ স্বত্ব নাই, তেওঁবিলাকেই অৱশ্যে পান কৰিব; তেন্তে তুমি জানো সমূলি দণ্ড পাব নলগা লোক? তুমি দণ্ড নোপোৱাকৈ নাথাকিবা, তুমি অৱশ্যে পান কৰিবা।

অধ্যায়টো চাওক কপি কৰক




যিৰি 49:12
9 পৰস্পৰ সংযোগসমূহ  

দৰিদ্ৰক পৰিহাস কৰা জনে তেওঁৰ স্ৰজনকৰ্ত্তাকে অপমান কৰে; আৰু যি জনে দুৰ্ভাগ্যত আনন্দ কৰে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকিব।


কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই মোক এইদৰে কৈছে: “তুমি মোৰ ক্ৰোধস্বৰূপ সেই দ্ৰাক্ষাৰসৰ পান-পাত্ৰ মোৰ হাতৰ পৰা লোৱা, আৰু যি যি জাতিৰ ওচৰলৈ মই তোমাক পঠাওঁ, তুমি গৈ সেই সেই জাতিক ইয়াক পান কৰোৱাবা।


কিয়নো, যিহোৱাই কৈছে, ‘তোমাক ৰক্ষা কৰিবলৈ তোমাৰ লগত আছোঁ; কাৰণ মই যি জাতিৰ মাজলৈ তোমাক ছিন্ন-ভিন্ন কৰিলোঁ, সেই আটাই জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ।


“কিন্তু হে মোৰ দাস যাকোব, ভয় নকৰিবা, হে ইস্ৰায়েল ব্যাকুল নহ’বা; কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম; তাতে যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।


কাৰণ মোৰ পবিত্ৰ পৰ্ব্বতত তোমালোকে পান কৰাৰ দৰে, সকলো দেশবাসী সকলে অবিৰাম পান কৰিব। তেওঁলোকে পান কৰিব আৰু গিলিব, আৰু তেওঁলোকে কেতিয়াও খাবলৈ নোপোৱাৰ দৰে খাব।


যীচুৱে উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰিবলৈ গৈছোঁ, তোমোলোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে?” তেওঁলোকে তেওঁক ক’লে ‘পাৰিম’।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন