10 কিন্তু মই হ’লে এচৌক শূণ্য কৰিলোঁ আৰু তাৰ গোপনীয় ঠাইবোৰ মুকলি কৰিলোঁ, সি লুকাই থাকিব নোৱাৰিব; তাৰ বংশ, ভায়েকবিলাক আৰু ওচৰ-চুবুৰীয়াৰ বিনষ্ট হ’ল, আৰু সি লোপ পালে।
কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।
চোৱা, সন্ধ্যাপৰত ত্ৰাস হ’ব; আৰু ৰাতিপুৱা নহওঁতেই তেওঁলোক গুচি যাব। এয়ে আমাক লুট কৰাসকলৰ অংশ, আৰু এয়ে আমাক অপহৰণ কৰাসকলৰ ভাগ।
মই যে তোমাৰ নাম কাঢ়ি মাতোঁতা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, তুমি তাক জানিবৰ বাবে, মই আন্ধাৰত থকা ধন আৰু গুপুত ঠাইত লুকুৱাই থোৱা বহুমূল্য বস্তু তোমাক দিম।
সেই কাৰণে মইয়ো তুমি পিন্ধা কাপোৰৰ আঁচল মুখৰ ওপৰলৈকে দাঙিম; আৰু তোমাৰ লাজৰ ঠাই দেখা যাব।
যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
হে চিয়োন-জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ’ল; তেওঁ পুনৰ তোমাক বন্দী অৱস্থালৈ নিনিব। কিন্তু হে ইদোম-জীয়াৰী, তেওঁ তোমাৰ অপৰাধৰ প্ৰতিফল দিব; তেওঁ তোমাৰ পাপ প্ৰকাশ কৰিব।
তেওঁলোকে কৰ্মিল পাহাৰৰ চূড়াত নিজকে লুকুৱাই ৰাখিলেও, তাৰ পৰা মই তেওঁলোকক বিচাৰি উলিয়াই ধৰি আনিম; তেওঁলোকে মোৰ দৃষ্টিৰ পৰা সাগৰৰ তলত গৈ লুকালেও, সেই ঠাইত তেওঁলোকক দংশন কৰিবলৈ মই নাগক আজ্ঞা দিম, তাতে সি তেওঁলোকক দংশন কৰিব।
এচৌৰ সম্পত্তি কেনেকৈ লুট কৰা হৈছিল, আৰু তেওঁৰ গুপ্ত ধনবোৰ কেনেকৈ অনুসন্ধান কৰি উলিওৱা হৈছিল!
হে তৈমন, তোমাৰ লোকসকল আতঙ্কিত হ’ব, সেয়ে সকলো লোকক এচৌৰ পৰ্ব্বতৰ পৰা হত্যা কৰাৰ দ্বাৰাই উচ্ছন্ন কৰা হ’ব।
এই বিষয়ে লিখাও আছে: “মই যাকোবক প্ৰেম কৰিলোঁ, কিন্তু এচৌক ঘিণ কৰিলোঁ।”