Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 48:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 তোমালোকে মোৱাবক আপোন বাটে উড়ি যাবৰ বাবে ডেউকা দিয়া। তাৰ নগৰবোৰ ধ্বংস কৰা হ’ব, তাত বাস কৰোঁতা কোনো নহ’ব।

অধ্যায়টো চাওক কপি কৰক




যিৰি 48:9
8 পৰস্পৰ সংযোগসমূহ  

মই যিহোৱাতে আশ্ৰয় লৈছোঁ। তোমালোকে কেনেকৈ মোক ক’ব পাৰা, “পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”


মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে! তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন,


ভ্রমি ফুৰা চৰাই আৰু সিঁচৰিত হৈ থকা বাহঁৰ দৰে, মোৱাবৰ মহিলাসকল অৰ্ণোন নদীৰ পাৰত আছে।


এই কাৰণে যিহোৱাই তোমালোকৰ দুষ্কৰ্মৰ কাৰণে আৰু তোমালোকে কৰা ঘিণলগীয়া কাৰ্যৰ বাবে আৰু সহি থাকিব নোৱাৰিলে; এই হেতুকে তোমালোকে আজি দেখাৰ দৰে তোমালোকৰ দেশ-নিবাসীশূণ্য হৈ, ধ্বংসস্থান আৰু বিস্ময় ও শাওৰ বিষয় হ’ল।


হে মিচৰ নিবাসিনী জীয়াৰী, বন্দী অৱস্থালৈ যাবৰ বাবে নিজৰ প্ৰয়োজনীয় বস্তু লোৱা; কিয়নো নোফ উচ্ছন্ন ঠাই হ’ব, দগ্ধ আৰু নিবাসীশূণ্য হ’ব।


হে মোৱাব-নিবাসীসকল, তোমালোকে নগৰবোৰ এৰি শিলত বাস কৰা আৰু গাতৰ মুখৰ কিনাৰত বাহ সজা কপৌটিৰ দৰে হোৱা।


সেয়ে, বাহিনীগণৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এইদৰে কৈছে, “মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয়ে চদোমৰ নিচিনা, আৰু অম্মোনীয়াসকল ঘমোৰাৰ নিচিনা হ’ব; এক কাঁইটীয়া হাবিৰে ভৰা ঠাই আৰু এক লোণৰ কূপলৈ পৰিণত হ’ব; চিৰকালৰ পতিত ভূমি হৈ থাকিব; মোৰ প্ৰজাসকলৰ অৱশিষ্ট লোকে তেওঁলোকক লুট কৰিব আৰু মোৰ জাতিৰ অৱশিষ্ট লোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব।”


কিন্তু সেই তিৰোতাক মৰুপ্ৰান্তলৈ উৰি যাবৰ কাৰণে ডাঙৰ ঈগল পক্ষীৰ নিচিনা দুখন ডেউকা দিয়া হ’ল; সেই ঠাইত, সেই সাপৰ সন্মুখৰ পৰা দুৰৈত এক কাল, দুই কাল আৰু আধা কাললৈকে তেওঁ প্ৰতিপালিত হয়।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন