18 হে দীবোন-নিবাসিনী জীয়াৰী, তুমি তোমাৰ প্ৰতাপৰ পৰা নামি তৃষ্ণাতুৰা হৈ মাটিত বহা; কিয়নো মোৱাবৰ সংহাৰক তোমাৰ বিৰুদ্ধে উঠি আহিলে, তেওঁ তোমাৰ দুৰ্গবোৰ বিনষ্ট কৰিলে।
তাৰ পাছত অলপ আতঁৰতে, প্রায় এটা কাঁড় মাৰিলে যোৱা দূৰত্বমানলৈ গৈ হাগাৰ বহি থাকিল। “ল’ৰাৰ মৃত্যু মই চকুৰে চাই থাকিব নোৱাৰো,” বুলি কৈ তেওঁ তাতে বহি উচুপি উচুপি কান্দিবলৈ ধৰিলে।
লোকসকল পিয়াহত আতুৰ হ’ল, আৰু মোচিৰ বিৰুদ্ধে অভিযোগ কৰিলে। তেওঁলোকে ক’লে, “আপুনি কিয় আমাক মিচৰৰ পৰা উলিয়াই আনিলে? আমাক, আমাৰ সন্তানসকলক, আৰু পশুবোৰকো পিয়াহত মৰিবলৈ মিচৰৰ পৰা আনিলে নেকি?”
তেওঁলোক মন্দিৰৰ ওপৰলৈ গ’ল, আৰু দীবোনৰ লোকসকল কান্দিবলৈ ওখ স্থানলৈ গ’ল; নবো আৰু মেদবাৰ ওপৰত মোৱাবে বিলাপ কৰিছে; সকলোৰে মুৰ টকলা কৰা হৈছে, আৰু প্ৰতিজনৰ ডাঢ়ি কটা হৈছে।
হে বাবিলৰ কুমাৰী জীয়াৰী, তুমি নামি আহা, আৰু ধুলিত বহা; হে কলদীয়া জীয়াৰী, সিংহাসনৰ অবিহনে, মাটিত বহা। তোমাক ধুনীয়া আৰু লাহী বুলি পুনৰায় কোৱা নাযাব।
এই হেতুকে জ্ঞানৰ অভাৱত মোৰ লোকসকলক বন্দীত্বলৈ নিয়া হৈছে; তেওঁলোকৰ মূখ্যলোক সকল ভোকাতুৰ হৈছে, আৰু তেওঁৰ লোক সকলৰ পান কৰিবলৈ পানী নাছিল।
দীবোন, নবো, বৈৎ-দিব্লাথয়িম,
এতিয়া তাইক মৰুভূমিত, খৰাং আৰু শুকান দেশত ৰোৱা হ’ল।
আৰু আমি তেওঁলোকলৈ বাণ মাৰিলোঁ; দীবোনলৈকে হিচবোন বিনষ্ট হ’ল। মেদবালৈ বিস্তৃত নোফহলৈকে আমি সকলোকে ধ্বংস কৰিলোঁ।”
অটাৰোৎ, দীবোন, যাজেৰ, নিম্ৰা, হিচবোন, ইলিয়ালি, চিবাম, নবো আৰু বিয়োন,
ৰূবেণে হিচবোন আৰু মালভূমিত থকা তাৰ সকলো নগৰবোৰ গ্ৰহণ কৰিছিল আৰু তাৰ লগত দীবোন, বামোৎ-বাল, বৈৎ-বালমিয়োন,
অৰ্ণোনৰ উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা উপত্যকাৰ মাজত থকা নগৰবোৰ আৰু দীবোনলৈকে মেদবাৰ গোটেই সমথল;
পাছত তেওঁৰ বৰকৈ পিয়াহ লগাত, তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “তুমি তোমাৰ এই দাসৰ হাতেৰে এই মহা-নিস্তাৰ কৰিলা; এতিয়া মই পিয়াহত মৰি সেই অচুন্নৎহঁতৰ হাতত পৰিম।”