Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 46:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই নোত থকা আমোনক, ফৰৌণক, মিচৰক আৰু তাৰ দেৱতাবোৰক আৰু তাৰ ৰজাসকলক, এনে কি ফৰৌণ আৰু তেওঁক ভাৰসা কৰা সকলোকে দণ্ড দিম।

অধ্যায়টো চাওক কপি কৰক




যিৰি 46:25
16 পৰস্পৰ সংযোগসমূহ  

যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; তেওঁ পৃথিৱীৰ সকলো দেৱ-দেবীক শক্তিহীন কৰিব; তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব।


যিহোৱাই এই কথা কৈছে: ‘মই সেই ৰাতিয়েই মিচৰ দেশৰ মাজেদি গৈ, মিচৰ দেশত প্রথমে জন্ম হোৱা মানুহ বা পশুৱেই হওক, সকলোকে সংহাৰ কৰিম। মিচৰীয়াসকলৰ সকলো দেৱতাকে মই দণ্ড দিম। মই যিহোৱা।


মিচৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, যিহোৱাই দ্ৰুতগামী মেঘত উঠি মিচৰ দেশলৈ আহিছে; তেওঁৰ সন্মুখত মিচৰৰ মূৰ্ত্তিবোৰ কম্পমান কৰিছে, আৰু মিচৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্রৱ হৈছে।


যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই যেনেকৈ যিহূদাৰ চিদিকিয়া ৰজাক তেওঁৰ প্ৰাণ ল’বলৈ বিচাৰা তেওঁৰ শত্ৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত সমৰ্পণ কৰিছিলোঁ, তেনেকৈ মই মিচৰৰ ৰজা ফৰৌণহফ্ৰাকো তেওঁৰ প্ৰাণ ল’বলৈ বিচাৰা শত্ৰুবোৰৰ হাতত সমৰ্পণ কৰিম’।”


হে হিচবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ’ল; হে ৰব্বাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড়ৰ কাষে কাষে ইফালে সিফালে লৰি ফুৰা; কিয়নো মিল্কম, তাৰ পুৰোহিতবিলাক, আৰু তাৰ প্ৰধান লোক-বিলাক একেলগে বন্দী অৱস্থালৈ যাব।


সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মিচৰৰ ৰজা ফৰৌণলৈ! তেওঁৰ বিপক্ষে মই তেওঁৰ বলী ও ভগা বাহু এই দুয়োকো ভাঙিম আৰু তেওঁৰ হাতৰ পৰা তৰোৱালখন পৰি যোৱা কৰিম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন