Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 44:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা অতি কম সংখ্যক লোকে এই মিচৰ দেশৰ পৰা যিহূদা দেশলৈ উলটি যাব; তাতে মোৰ নে তেওঁলোকৰ, কাৰ বাক্য ৰব, এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমোৱা সকলো অৱশিষ্ট যিহূদী লোকসকলে তাক জানিব।

অধ্যায়টো চাওক কপি কৰক




যিৰি 44:28
20 পৰস্পৰ সংযোগসমূহ  

যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।


তেওঁৰ অৰণ্যৰ অৱশিষ্ট গছ ইমান তাকৰ হ’ব যে, সৰু লৰা-ছোৱালীয়েও তাক গণনা কৰিব পাৰিব।


কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে।


যিসকল লোকে প্ৰবাস কৰিবৰ অৰ্থে মিচৰত সোমাবলৈ মুখ কৰিব, তেওঁলোক সকলোৰে সেই দশা হ’ব; তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৰা পৰিব; আৰু মই তেওঁলোকলৈ যি অমঙ্গল ঘটাম, তাৰ পৰা তেওঁলোকৰ কোনেও উদ্ধাৰ কি ৰক্ষা নাপাব।


কিয়নো যেনেকৈ মই তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই যিৰূচালেমক দণ্ড দিলোঁ, তেনেকৈ এই মিচৰ দেশত প্ৰবাস কৰা লোকসকলকো দণ্ড দিম।


তেতিয়া এই মিচৰ দেশত প্ৰবাস কৰিবলৈ অহা যিহূদাৰ অৱশিষ্ট ভাগে যি যিহূদাত বাস কৰিবৰ কাৰণে উলটি যাবলৈ ইচ্ছা কৰিছে, সেই যিহূদালৈ উলটি যাবৰ বাবে, তেওঁলোকৰ কোনেও ৰক্ষা নাপাব বা অৱশিষ্ট নাথাকিব; কিয়নো পলৰীয়াসকলৰ বাহিৰে কোনেও উলটি নাযাব।”


যিহোৱাই কৈছে, তোমালোকৰ অমঙ্গলৰ কাৰণেহে যে মোৰ বাক্য অৱশ্যে ফলিয়াব, তাক তোমালোকে জানিবৰ বাবে মই যে এই ঠাইত তোমালোকক দণ্ড দিম তাৰ প্ৰমাণৰ অৰ্থে এয়ে তোমালোকলৈ চিন হ’ব।’


হে তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকবিলাক, তোমালোকে যোৱা, ৰৈ নাথাকিবা, দূৰৈৰ পৰা যিহোৱাক সোঁৱৰণ কৰা, আৰু যিৰূচালেম তোমালোকৰ মনত উদয় হওক।


তথাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবোৰ লোক যেন জাতিবোৰৰ মাজত হ’ব, এই কাৰণে মই এক অৱশিষ্ট ভাগ এৰিম।


কিন্তু মোৰ দাস ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ তোমালোকৰ পূৰ্বপুৰুষসকলৰ কাণত পৰা নাছিল নে? তেতিয়া তেওঁলোকে মন পালটন কৰি ক’লে, ‘আমাৰ আচাৰ-ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ যিহোৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে’।”


তাতে মোচিয়ে ক’লে, এতিয়া যিহোৱাৰ আজ্ঞা কিয় লঙ্ঘন কৰিছা? তোমালোকৰ সেই কাৰ্য সাম্ফল নহ’ব।


আকাশ আৰু পৃথিৱী লুপ্ত হ’ব, কিন্তু মোৰ বাক্য হলে কেতিয়াও লুপ্ত নহ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন