যিৰি 44:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201916 তেওঁলোকে ক’লে, “তুমি যিহোৱাৰ নামেৰে আমাক কোৱা বাক্যৰ বিষয়ে হ’লে, আমি তোমালৈ কাণ নিদিওঁ। অধ্যায়টো চাওক |
ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “আমি আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমি কৰা সঙ্কল্পবোৰ অৱেশ্যে সিদ্ধ কৰিম, এই বুলি কৈ তোমালোকে আৰু তোমালোকৰ মহিলাসকলে মুখেৰে কথা ক’লা আৰু হাতেৰে তাক সিদ্ধও কৰিছা; বাৰু তোমালোকৰ সঙ্কল্প সিদ্ধ কৰা আৰু তোমালোকে তোমালোকৰ সঙ্কল্প সাম্ফল কৰা।
এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”