8 তেতিয়া তেওঁ কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগত থকা সকলো সেনাপতিক আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাক মাতি আনিলে।
তেতিয়া কাৰেহৰ পুতেক যোহানন, হোচয়াৰ পুতেক যাজনিয়া আদি ফৌজৰ সকলো সেনাপতি আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাই যিৰিমিয়া ভাববাদীৰ ওচৰলৈ চাপি আহিল।
পাছে কাৰেহৰ পুতেক যোহানন আদি নগৰৰ বাহিৰত থকা ফৌজন সকলোৱে সেনাপতিয়ে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহি তেওঁক ক’লে,
তেতিয়া তেওঁলোকে, অৰ্থাৎ নথনিয়াৰ পুতেক ইশ্মায়েল, কাৰেহৰ দুজন পুতেক যোহানন আৰু যোনাথন, তনহূমতৰ পুতেক চৰায়া, নটোফাতীয়া এফয়ৰ পুতেক কেইজন আৰু মাখাথীয়াৰ পুতেক যাজনিয়া নিজ নিজ লোকসকলে সৈতে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহিল।
পাছত দহ দিনৰ মুৰত যিহোৱাৰ বাক্য যিৰিমিয়াৰ ওচৰলৈ আহিল।
আৰু তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ নিবেদন জনাবলৈ যিজনৰওচৰলৈ মোক পঠিয়াইছিলা, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে,