Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 42:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 যিসকল লোকে প্ৰবাস কৰিবৰ অৰ্থে মিচৰত সোমাবলৈ মুখ কৰিব, তেওঁলোক সকলোৰে সেই দশা হ’ব; তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৰা পৰিব; আৰু মই তেওঁলোকলৈ যি অমঙ্গল ঘটাম, তাৰ পৰা তেওঁলোকৰ কোনেও উদ্ধাৰ কি ৰক্ষা নাপাব।

অধ্যায়টো চাওক কপি কৰক




যিৰি 42:17
7 পৰস্পৰ সংযোগসমূহ  

আৰু মই তেওঁলোকক আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশৰ পৰা তেওঁলোক উচ্ছন্ন নোহোৱালৈকে, তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল, আৰু মহামাৰী পঠাই থাকিম।


“যিহোৱাই এই কথা কৈছে: যি কোনো লোক এই নগৰত থাকিব, তেওঁ তৰোৱালত, আকালত, আৰু মহামাৰীত মৰিব; কিন্তু যি জনে কলদীয়াসকলৰ ওচৰলৈ ওলাই যাব, তেওঁ জীয়াই থকিব, আৰু লুটদ্ৰব্যৰ নিচিনাকৈ নিজ প্ৰাণ লাভ কৰি জীয়াই থকিব।


তেতিয়া হে যিহূদাৰ অৱশিষ্ট ভাগ, তোমালোকে যিহোৱাৰ বাক্য শুনা। ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে যদি মিচৰত সোমাবলৈ একেবাৰে সেইফালে মুখ কৰা আৰু তাত বাস কৰিবলৈ যোৱা,


এতেকে এতিয়া নিশ্চয়ে জানিবা, যে, তোমালোকে প্ৰবাস কৰিবলৈ যি ঠাইলৈ যাব খুজিছা, সেই ঠাইত তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৃত্যুৰ মুখত পৰিবা।”


আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা অতি কম সংখ্যক লোকে এই মিচৰ দেশৰ পৰা যিহূদা দেশলৈ উলটি যাব; তাতে মোৰ নে তেওঁলোকৰ, কাৰ বাক্য ৰব, এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমোৱা সকলো অৱশিষ্ট যিহূদী লোকসকলে তাক জানিব।


তোমালোকে তৰোৱাললৈ ভয় কৰিছা, এই কাৰণে মই তোমালোকৰ ওপৰলৈ তৰোৱালকেই আনিম’।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন