Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 38:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 “হে মোৰ প্ৰভু মহাৰাজ, সেই লোকসকলে যিৰিমিয়া ভাববাদীক কূপত পেলাই দি তেওঁলৈ নিতান্ত মন্দ ব্যৱহাৰ কৰিছে; তেওঁ যি ঠাইত আছে, সেই ঠাইত তেওঁ ভোকত মৰিব লগীয়া হৈছে, কিয়নো নগৰত আৰু ৰুটী নাই।”

অধ্যায়টো চাওক কপি কৰক




যিৰি 38:9
12 পৰস্পৰ সংযোগসমূহ  

তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।


পাছত চতুৰ্থ মাহৰ নৱম দিনা নগৰত আকাল অতিশয় টান হোৱাত, দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল।


নিজ হিয়াত মোৰ অধৰ্ম লুকুৱাই ৰাখি, যদি মই আদমৰ নিচিনাকৈ মোৰ অপৰাধ ঢাকি থলোঁ,-


এবদ-মেলকে ৰাজগৃহৰ পৰা ওলাই গৈ ৰজাক ক’লে,


তেতিয়া ৰজাই কুচীয়া এবদ-মেলকক আজ্ঞা কৰিলে, বোলে, “তুমি এই ঠাইৰ পৰা ত্ৰিশ জন মানুহ লগত লৈ গৈ যিৰিমিয়া ভাববাদী নৌ মৰোঁতেই তেওঁক কূপৰ পৰা তোলা।”


তাইৰ সকলো প্ৰজাই অন্ন বিচাৰি দুখত কেঁকাই আছে। তেওঁলোকে আহাৰ খাই পুনৰ জীৱন প্রতিষ্ঠা কৰিবলৈ নিজ নিজ মনোহৰ বস্তুবোৰ দিলে। হে যিহোৱা, চাওঁক আৰু মোৰ বিষয়ে বিবেচনা কৰক, কিয়নো মই অযোগ্য হ’লো।


তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি হ’ল।


আৰু নগৰ অৱৰোধ কৰা সময়ত, শত্ৰূবোৰৰ আৰু প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ দ্বাৰাই ঘটা সঙ্কটৰ কালত, মই তেওঁলোকক নিজ নিজ পো-জীৰ মাংস ভোজন কৰিব আৰু তেওঁলোকে নিজ নিজ বন্ধুৰ মাংস খাব’।”


কিন্তু যিহোৱাই কৈছে, “সেই দিনা মই তোমাক উদ্ধাৰ কৰিম; আৰু তুমি ভয় কৰা লোকসকলৰ হাতত তোমাক সমৰ্পণ কৰা নহ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন