Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 38:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 কিন্তু যদি বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নোযোৱা, তেন্তে এই নগৰ কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁলোকে ইয়াক জুইৰে পুৰি পেলাব আৰু তুমিও তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ নাপাবা।

অধ্যায়টো চাওক কপি কৰক




যিৰি 38:18
20 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই এই কথা কৈছে: যে, এই নগৰ অৱশ্যে বাবিলৰ ৰজাৰ সৈন্য-সামন্তৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁ তাক হাত কৰি ল’ব।”


মোৰ জালখন মই তেওঁৰ ওপৰত মেলিম দিম আৰু তেওঁ মোৰ ফান্দত পৰিব; আৰু মই তেওঁক কলদীয়াসকলৰ দেশলৈ অৰ্থাৎ বাবিললৈ লৈ যাম, তথাপি তেওঁ তাক নেদেখিব। অথচ তেওঁ তাতেই মৰিব।


বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল, অৰ্থাৎ নেৰ্গল-চৰেচৰ, চমগৰ-নবো, প্ৰধান নপুংসক চৰ্চখীম আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল সোমাই মধ্যম দুৱাৰত বহিল।


আৰু আপোনাৰ আটাই মহিলাৰ, আৰু আপোনাৰ সন্তান সকলক উলিয়াই কলদীয়াসকলৰ গুৰিলৈ নিয়া হ’ব; আপুনি তেওঁলোকৰ হাতৰ পৰা সাৰিব নোৱাৰিব, কিন্তু বাবিলৰ ৰজাৰ হাতত ধৰা পৰিব, আৰু আপুনি এই নগৰক জুইৰে পুৰি পেলাব।”


আৰু কলদীয়াসকলে পুনৰায় আহিব আৰু এই নগৰৰ অহিতে যুদ্ধ কৰি ইয়াক হাত কৰি লৈ জুইৰে পুৰি পেলাব।


যিহূদাৰ ৰজা যিহোয়াখীন, তেওঁৰ মাক, তেওঁৰ দাসবোৰ, তেওঁৰ ৰাজপুত্রসকল আৰু কৰ্মচাৰীসকল সকলোৱেই ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই গ’ল। তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহোৱাখীমক বন্দী কৰি লৈ গ’ল।


কিয়নো যিহোৱাই কৈছে, মই মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে এই নগৰৰ অহিতে মুখ কৰিছোঁ; ইয়াক বাবিলৰ ৰজাৰ হাতত দিয়া যাব, আৰু তেওঁ ইয়াক অগ্নিৰে দগ্ধ কৰিব’।”


যি জাতি আৰু ৰজাই সেই বাবিলৰ ৰজা নবূখদনেচৰৰ বন্দী-কাম নকৰিব, আৰু বাবিলৰ ৰজাৰ যুৱলিত নিজৰ ডিঙি নাৰাখিব, যিহোৱাই কৈছে, মই তেওঁৰ হাতেৰে এই জাতিক সংহাৰ নকৰালৈকে তৰোৱাল আৰু মহামাৰীৰ দ্বাৰাই দণ্ড দিম।


পাছত কলদীয়াসকলে ৰাজগৃহ আৰু প্ৰজাসকলৰ ঘৰবোৰ জুই দি পুৰিলে আৰু যিৰূচালেমৰ গড়বোৰ ভাঙি পেলালে।


কিন্তু যিৰূচালেমৰ ৰজাই মিচৰীয়াসকলৰ পৰা ঘোঁৰা আৰু অনেক মানুহ পাবৰ কাৰণে মিচৰলৈ নিজ দূতবোৰক পঠিয়াই দিলে আৰু তেওঁৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁ উন্নতি লাভ কৰিব নে? এনে কৰ্ম কৰা জনে জানো ৰক্ষা পাব? তেওঁ যদি এই নিয়মটি ভাঙে, তেওঁ ৰক্ষা পাব নে?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন