যিৰি 36:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20197 কিজানি তেওঁলোকে নিজ নিজ নিবেদন যিহোৱাৰ আগত জনাব। আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ কুপথৰ পৰা ঘূৰিব; কিয়নো এই জাতিৰ বিৰুদ্ধে প্ৰকাশ কৰা যিহোৱাৰ ক্ৰোধ আৰু কোপ অতি প্ৰবল। অধ্যায়টো চাওক |
“আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”
“তোমালোকে গৈ মোৰ আৰু ইস্ৰায়েল আৰু যিহূদাৰ মাজত অৱশিষ্ট থকা লোকসকলৰ বাবে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহোৱাৰ মোৰ বাবে থকা তেওঁৰ কি ইচ্ছা সেই বিষয়ে সোধাগৈ; কিয়নো আমাৰ ওপৰত যিহোৱাই বৰষোৱা ক্ৰোধ অতিশয় ডাঙৰ; কাৰণ ওপৰ-পিতৃসকলে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে যিহোৱাৰ বাক্য পালন নকৰিলে।”