Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 36:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 পাছে যিৰিমিয়াই বাৰুকক আজ্ঞা দি কলে, মই বন্ধ আছোঁ, যিহোৱাৰ গৃহলৈ যাব নোৱাৰোঁ।

অধ্যায়টো চাওক কপি কৰক




যিৰি 36:5
15 পৰস্পৰ সংযোগসমূহ  

মহেটবেলৰ পুত্র দলায়া, দলায়াৰ পুত্ৰ চময়া, তেওঁ নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল, মই তেওঁৰ ঘৰলৈ গ’লোঁ। তেওঁ ক’লে, “আহক আমি ঈশ্বৰৰ গৃহত, মন্দিৰৰ ভিতৰত একগোট হওঁহক, আৰু মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰোঁ, কাৰণ তেওঁলোকে আপোনাক বধ কৰিবলৈ আহি আছে। ৰাতিয়েই আপোনাক বধ কৰিবলৈ আহিব।”


তুমি মোৰ চিনাকিবোৰক মোৰ পৰা দূৰ কৰিছা; তেওঁলোকৰ সন্মুখত মোক ঘৃণাৰ পাত্র কৰিছা; মই বন্দী হৈ আছোঁ, ওলাই যাব পৰা নাই।


তেওঁ যিৰিমিয়া ভাববাদীক প্ৰহাৰ কৰি, যিহোৱাৰ গৃহত থকা ওপৰ-দুৱাৰৰ কুন্দাত বন্ধ কৰি ৰাখিলে।


তাৰ পাছত মোৰ দদাইৰ পুত্র হনমেলৰ সন্মুখত, খৰিদা দলীলত চহী দিয়া সাক্ষীবোৰৰ আগত আৰু প্ৰহৰীৰ চোতালত বহি থকা সকলো যিহুদী লোকৰ আগত মই এই খৰিদা দলীলখন মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ বাৰুকৰ হাতত শোধাই দিলোঁ।


সেই সময়ত, বাবিলৰ ৰজাৰ সৈন্য-সামন্তই যিৰূচালেম অৱৰোধ কৰিছিল, আৰু যিৰিমিয়া ভাববাদী যিহূদাৰ ৰাজগৃহৰ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।


তাৰ পাছত দ্বিতীয়বাৰ যিৰিমিয়ালৈ যিহোৱাৰ বাক্য আহিল বোলে, সেই সময়ত তেওঁ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।


সেই প্ৰধান লোকসকলে যিৰিমিয়ালৈ ক্ৰোধ হৈ তেওঁক কোবাই যোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই হ’ল; কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল।


তেতিয়াৰে পৰা যিৰূচালেম শত্রুৰ হাতত পৰা দিন নোহোৱালৈকে যিৰিমিয়া সেই প্ৰহৰীৰ চোতালত থকিল।


তাতে তেওঁলোকে যিৰিমিয়াক ধৰি প্ৰহৰীৰ চোতালত থকা মল্কিয়া, ৰাজকোঁৱৰৰ কূপত পেলালে। ৰছীৰে যিৰিমিয়াক নমাই দিলে। সেই কূপত পানী নাছিল, কেৱল বোকা আছিল; তাতে যিৰিমিয়া বোকাত প্ৰায় পোত গৈছিল।


এতিয়া চোৱা! আজি মই তোমাক, তোমাৰ হাতত থকা শিকলিৰ পৰা মুক্ত কৰিলোঁ; তুমি যদি মোৰ লগত বাবিললৈ যাবলৈ ভাল দেখা, তেন্তে আহাঁ, মই তোমালৈ দৃষ্টি ৰাখিম; আৰু যদি মোৰ লগত বাবিললৈ যাবলৈ বেয়া দেখা, তেন্তে নালাগে। চোৱা, গোটেই দেশ তোমাৰ আগত আছে, যি ঠাইলৈ যোৱা তোমাৰ পক্ষে ভাল আৰু সুবিধাজনক, তালৈকে যোৱা।”


তেখেত সকল খ্ৰীষ্টৰ দাস নে? হত বুদ্ধিৰ দৰে কৈছোঁ, মই তাতোকৈ অধিক; তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ত৷


এই কাৰণে মই পৌল, আপোনালোক অনা-ইহুদী লোকৰ কাৰণে খ্রীষ্ট যীচুৰ এজন বন্দী।


কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷


সেই শুভবার্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কর্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ। কিন্তু ঈশ্বৰৰ সেই বাক্যত হ’লে শিকলিৰ বন্ধন নাই।


আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন