Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 36:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 আৰু মই তোমাক, “তোমাৰ বংশক, আৰু তোমাৰ মন্ত্ৰীসকলক তোমালোকৰ অপৰাধৰ কাৰণে দণ্ড দিম। আৰু তোমালোকৰ অহিতে, যিৰূচালেম-নিবাসীসকল আৰু যিহূদী লোকসকলৰ অহিতে যি অমঙ্গলৰ কথা ক’লোঁ, কিন্তু তোমালোকে নুশুনিলা, সেই সকলো অমঙ্গল মই তোমালোকলৈ ঘটাম।”

অধ্যায়টো চাওক কপি কৰক




যিৰি 36:31
16 পৰস্পৰ সংযোগসমূহ  

যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে, সুস্থ হ’ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ’ব।


এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই, এই কথা কৈছে: ‘চোৱা, যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ অহিতে মই কোৱা সকলো অমঙ্গলৰ কথা তেওঁলোকলৈ ঘটাম, কিয়নো মই তেওঁলোকক যি ঘোষণা কৰিছিলোঁ, সেই বিষয়ে তেওঁলোকে নুশুনিলে। মই তেওঁলোকক মাতিলো কিন্তু তেওঁলোকে উত্তৰ নিদিলে’।”


যি ভাববাদী, পুৰোহিত, কি প্ৰজাই “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি ক’ব, মই সেই মানুহক আৰু তাৰ বংশক দণ্ড দিম।


“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই এই নগৰ আৰু তাৰ সকলো উপনগৰৰ ওপৰত, তাৰ বিৰুদ্ধে মই কোৱা সকলো অমঙ্গল ঘটাম; কাৰণ, মোৰ বাক্য নুশুনিবৰ বাবে তেওঁলোকে নিজ নিজ ডিঙি ঠৰ কৰিলে’।”


“যিৰূচালেম, যিৰূচালেম, যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমালোকৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই লবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।


মোৰ তাড়নাকাৰীসকলে লাজ পাওঁক, কিন্তু মোক হ’লে লাজ পাবলৈ নিদিবা। তেওঁলোক হ’লে ব্যাকুল হওঁক, কিন্তু মোক হ’লে ব্যাকুল হবলৈ নিদিবা। তেওঁলোকৰেই ওপৰত বিপদৰ দিন ঘটোৱা, আৰু দুগুণ সংহাৰেৰে তেওঁলোকক সংহাৰ কৰা।”


তথাপি তেওঁলোকে পালন নকৰিলে, বা কাণ নাপাতিলে। কিন্তু তেওঁবিলাক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে; এই হেতুকে এই নিয়মটিৰ যিবোৰ বাক্য পালন কৰিবলৈ মই তেওঁলোকক আজ্ঞা দিছিলোঁ, কিন্তু তেওঁলোকে নকৰিলে, সেই আটাইবোৰ অভিশপ্ত বাক্য মই তেওঁলোকৰ ওপৰত ঘটালোঁ’।”


কিন্তু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া, মোৰ এই সকলো আজ্ঞামতে কাৰ্য নকৰা,


এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই নিহিলামীয়া চময়িয়াক আৰু তাৰ বংশক দণ্ড দিম; এই জাতি সমূহৰ মাজত বসতি কৰিবলৈ তাৰ এটি সন্তানো নাথাকিব, আৰু যিহোৱাই কৈছে, মই মোৰ প্ৰজাসকলৰ যি মঙ্গল কৰিম, তাক তেওঁ ভোগ কৰিবলৈ নাপাব; কাৰণ তেওঁ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লে’।”


যিহোয়াকীমৰ সকলো কাৰ্য অনুসাৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে;


তেওঁলোকৰ অপৰাধ তেওঁ তেওঁলোকৰ ওপৰলৈকে আনিব, তেওঁলোকৰ দুষ্কার্যতেই তেওঁ তেওঁলোকক বিনষ্ট কৰিব; আমাৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকক বিনষ্ট কৰিব।


এতিয়া মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু তোমাৰ অহিতে মোৰ কোপ তোমাৰ ওপৰত সম্পূৰ্ণ কৰিম, মই তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম আৰু তোমাৰ সকলো ঘিণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম।


মই কৃপাদৃষ্টি নকৰিম আৰু দয়াও নকৰিম। তোমালোকে যিদৰে কৰিলা, মইয়ো তোমালোকলৈ সেইদৰেই কৰিম; আৰু তোমালোকৰ ঘিণলগীয়া কাৰ্যৰ ফল তোমালোকৰ মাজত থাকিব, তেতিয়া মই যে তোমালোকৰ প্ৰহাৰ কৰোঁতা যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন