যিৰি 36:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201929 তেতিয়া যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে নিশ্চয়ে তুমি ক’বা, ‘যিহোৱাই এই কথা কৈছে, যে, বাবিলৰ ৰজাই অৱশ্যে আহি এই দেশ নষ্ট কৰিব, আৰু ইয়াত পশু আৰু মানুহ নোহোৱা কৰিব, এনে কথা এই পুথিখনত কিয় লিখিছা? এই বুলি তুমি তাক পুৰি পেলালা!’ অধ্যায়টো চাওক |
যি কোনোৱে নিজৰ নিৰ্মাণকৰ্ত্তাৰ লগত বাদানুবাদ কৰে, তেওঁৰ সন্তাপ হ’ব! তেওঁ পৃথিবীৰ সকলো মাটিৰ খোলাকটিবোৰৰ মাজৰ এডোখৰ খোলাকটি মাথোন! ‘তুমি কি কৰিছা?’ এই বুলি জানো কুমাৰ জনক মাটিয়ে ক’ব? বা ‘তুমি কি বনাইছা- যেতিয়া তুমি এইটো কৰিছিলা তেতিয়া তোমাৰ অধিকাৰ নাছিল নেকি?’ তাৰ হাত নাই, এই বুলি জানো তোমাৰ সজা বস্তুৱে ক’ব?
চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
এনে ধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাৱিছে আৰু নিজে মনতে কয়, ‘মই মোৰ ঠৰডিঙীয়া হৃদয়েৰে ইচ্ছামতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম,’ তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয়, কিন্তু আপোনালোক সকলোৰে ওপৰত সর্বনাশ মাতি আনিব; যিহোৱাই দুষ্ট শুকান অৱস্থাৰ লগতে ভাল ভিজা অৱস্থাকো নষ্ট কৰিব।