Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 34:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 সেই কাৰণে মই যিহূদাৰ ৰজা চিদিকিয়াক আৰু তেওঁৰ প্ৰধান লোকসকলক তেওঁলোকৰ শত্ৰূবোৰৰ হাতত, আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত, আৰু তোমালোকৰ বিৰুদ্ধে উঠি যোৱা বাবিলৰ ৰজাৰ সৈন্যসামন্তৰ হাতত সমৰ্পণ কৰিম।

অধ্যায়টো চাওক কপি কৰক




যিৰি 34:21
16 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে ৰজা চিদিকিয়াক বন্দী কৰি ৰিব্লাত বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ আনিলে। তাত তেওঁৰ ওপৰত শাস্তিৰ আজ্ঞা দিলে।


আৰু মই তোমাক তোমাৰ প্ৰাণ বিচৰাবোৰৰ হাতত, আৰু তুমি ভয় কৰাবোৰৰ হাতত, এনে কি, বাবিলৰ ৰজা নবূখদনেচৰৰ আৰু কলদীয়াসকলৰ হাতত শোধাই দিম।


যিহূদাৰ ৰজা চিদিকিয়াই তেওঁক বন্দী কৰি থৈ কৈছিল, “তুমি এই বুলি কিয় ভাববাণী প্ৰচাৰ কৰিছা বোলে, ‘যিহোৱাই এইদৰে কৈছে: চোৱা, মই এই নগৰখন বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম, আৰু তেওঁ তাক অধিকাৰ কৰি ল’ব;


যিহূদাৰ ৰজা চিদিকিয়া কলদীয়াসকলৰ হাতৰ পৰা সাৰি নাজাব কিয়নো তেওঁক অৱশ্যে বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব। তেওঁ সম্মুখা-সম্মুখি হৈ ৰজাৰ লগত কথা হ’ব, আৰু তেওঁ ৰজাৰ চকুৱে চকুৱে দেখা দেখি হ’ব;


পাছে বাবিলৰ ৰজাই ৰিব্লাত চিদিকিয়াৰ পুতেকসকলক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু বাবিলৰ ৰজাই যিহূদাৰ সকলো মুখ্য লোককো বধ কৰিলে।


যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই যেনেকৈ যিহূদাৰ চিদিকিয়া ৰজাক তেওঁৰ প্ৰাণ ল’বলৈ বিচাৰা তেওঁৰ শত্ৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত সমৰ্পণ কৰিছিলোঁ, তেনেকৈ মই মিচৰৰ ৰজা ফৰৌণহফ্ৰাকো তেওঁৰ প্ৰাণ ল’বলৈ বিচাৰা শত্ৰুবোৰৰ হাতত সমৰ্পণ কৰিম’।”


বাবিলৰ ৰজাই চিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে। আৰু যিহূদাৰ আটাই প্ৰধান লোককো ৰিব্লাত বধ কৰিলে।


কিন্তু কলদীয়াবিলাকৰ সৈন্যসামন্তই ৰজাৰ পাছত খেদি গৈ, যিৰীহোৰ সমথলত চিদিকিয়াক লগ ধৰিলে; তেতিয়া তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।


আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”


“তুমি সেই বিদ্ৰোহী বংশক কোৱা: ‘এইবোৰৰ অৰ্থ কি, সেই বিষয়ে তোমালোকে নাজানা নে? চোৱা! বাবিলৰ ৰজাই যিৰূচালেমলৈ আহি তাৰ ৰজাৰ সৈতে তাৰ বিষয়াসকলক ধৰি বাবিললৈ নিজৰ ঠাইলৈ লৈ আনিলে।


‘মোৰ জীৱনৰ শপত, প্ৰভু যিহোৱাই কৈছে - যি ৰজাই তেওঁ নিজ থকা ঠাইত তেওঁক ৰজা পাতিলে, যাৰ শপত তেওঁ তুচ্ছ কৰিলে আৰু যাৰ নিয়মটি তেওঁ ভাঙিলে, বাবিলৰ মাজত তেওঁৰ তাতেই মৃত্যু হ’ব।


মই তেওঁৰ ওপৰত মোৰ জাল মেলিম আৰু তেওঁ মোৰ ফান্দত ধৰা পৰিব। তেতিয়া মই তেওঁক বাবিললৈ নি তেওঁ মোৰ অহিতে কৰা তেওঁৰ অপৰাধৰ কাৰণে সেই ঠাইত তেওঁৰ ওপৰত গোচৰ কৰিম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন