Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 32:43 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

43 তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।

অধ্যায়টো চাওক কপি কৰক




যিৰি 32:43
7 পৰস্পৰ সংযোগসমূহ  

কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”


আৰু হে প্ৰভু, তুমি এই বুলি মোক কৈছিলা বোলে, “ৰূপ দি শস্যক্ষেত্ৰ কিনা, আৰু সাক্ষী মাতা, অথচ এই নগৰখন কলদীয়াসকলৰ হাতত শোধাই দিয়া হৈছে।”


এই কাৰণে এতিয়া, মই যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, ‘যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে:


যিহোৱাই এই কথা কৈছে: “এই যি ঠাইৰ বিষয়ে তোমালোকে কৈছা, যে, ‘ই উচ্ছন্ন। মনুষ্য আৰু পশুশূন্য, এই ঠাইত মনুষ্য আৰু পশুশূন্য আৰু যিহূদাৰ নগৰ আৰু যিৰূচালেমৰ আলিবাটবোৰ নিৰ্জন।


বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “এই উচ্ছন্ন ঠাইত মানুহ আৰু পশুশূন্য আৰু ইয়াৰ সকলো নগৰত মেৰ-ছাগৰ জাকক শয়ন কৰাওঁতা ৰখীয়াসকলৰ বসতিৰ ঠাই পুনৰায় হ’ব।


তেতিয়া তেওঁলোকে নিৰ্ভয়ে বাস কৰিব আৰু তেওঁলোকে ঘৰ সাজিব, দ্ৰাক্ষাবাৰী পাতিব আৰু নিৰ্ভয়ে বাস কৰি থাকিব যেতিয়া মই চাৰিওফালে তেওঁলোকক হিংসা কৰোঁতা সকলক দণ্ড দিম; তেতিয়া, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন