Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 29:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 আৰু এইয়া হৈছিল যেতিয়া যকনিয়া ৰজা, ৰাজমাও, নপুংসকসকল, যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোকসকল, আৰু ৰাজমিস্ত্ৰি বাঢ়ৈ আদি শিল্পকাৰীসকলে যিৰূচালেমৰ পৰা প্ৰস্থান কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




যিৰি 29:2
13 পৰস্পৰ সংযোগসমূহ  

আপোনাৰ নিজৰ সন্তান সকল, যিসকলক আপুনি জন্ম দিলে, তেওঁলোকক তেওঁলোকে লৈ যাব আৰু বেবিলনৰ ৰাজপ্রাসাদত তেওঁলোক নপুংসক হৈ থাকিব।”


তেতিয়া যেহূৱে ওপৰলৈ খিড়িকিৰ ফালে চাই ক’লে, “মোৰ পক্ষত কোন আছে? কোন কোন আছে?” তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে।


তুমি ৰজা আৰু ৰাজমাক কোৱা, “নিজকে নম্র কৰা আৰু তোমালোক চাপৰত বহা, কিয়নো তোমালোকৰ শিৰোভুষণ, এনে কি, সুন্দৰ মুকুট খহি পৰিল।


যিহোৱাই মোক কিবা এটা দেখুৱাইছিল। যিহোৱাৰ মন্দিৰৰ সন্মুখত ৰাখি থোৱা ডিমৰু গুটিৰ দুটা পাচি মোক দেখুৱাইছিল। বাবিলৰ ৰজা নবূখদনেচৰে যিৰূচালেমৰ পৰা কমাৰ, বাঢ়ৈ আদি শিল্পকাৰীয়ে সৈতে যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, আৰু যিহূদাৰ প্ৰধান লোকসকলক বাবিললৈ বন্দী কৰি নিয়াৰ পাছত এই দৰ্শন ঘটিছিল।


স্তম্ভ কেইটা, সমুদ্ৰ-পাত্ৰটো, আৰু আধাৰবোৰ আদি কৰি এই নগৰৰ অৱশিষ্ট থকা যি যি বস্তু বাবিলত ৰজা নবূখদনেচৰে নিয়া নাছিল, সেইবোৰৰ বিষয়ে যিহোৱাই এইদৰে কৈছে;


আৰু যিহোৱাই কৈছে, ‘মই যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, বাবিললৈ বন্দী কৰি নিয়া যিহূদাৰ সকলোৰে সৈতে এই ঠাইলৈ পুনৰায় আনিম; কিয়নো মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিম’।”


এই হেতুকে যিৰূচালেমৰ পৰা বাবিললৈ মই পঠোৱা দেশান্তৰিত হোৱা যি তোমালোক, সকলোৱে যিহোৱাৰ বাক্য শুনা:


এনেতে যিৰিমিয়াক কূপত পেলোৱা কথা ৰাজগৃহত থকা এবদ-মেলক নামেৰে এজন কুচদেশীয় নপুংসকে শুনিলে। তেতিয়া ৰজা বিন্যামীনৰ দুৱাৰত বহি আছিল।


সেই সময়ত গোটেই ইস্ৰায়েল দেশত কোনো কমাৰ পোৱা নগৈছিল; কাৰণ পলেষ্টীয়াসকলে কয় “কমাৰ থাকিলে ইব্ৰীয়াসকলে নিজৰ কাৰণে তৰোৱাল বা যাঠি গঢ়াই লব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন