Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 28:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 আৰু যিহোৱাই কৈছে, ‘মই যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, বাবিললৈ বন্দী কৰি নিয়া যিহূদাৰ সকলোৰে সৈতে এই ঠাইলৈ পুনৰায় আনিম; কিয়নো মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিম’।”

অধ্যায়টো চাওক কপি কৰক




যিৰি 28:4
20 পৰস্পৰ সংযোগসমূহ  

তুমি নিজৰ তৰোৱালৰ দ্বাৰাই জীবা, তুমি তোমাৰ ভাইৰ সেৱা কৰিবা; কিন্তু যেতিয়া তুমি বিদ্রোহী হৈ উঠিবা, তেতিয়া তুমি তোমাৰ ডিঙিৰ পৰা তাৰ যুৱলি জোকাৰি পেলাবা।”


তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল।


কাৰণ তুমি মিদিয়নৰ সময়ত কৰা দৰে, তেওঁৰ ভাৰ স্বৰূপ যুৱলি, তেওঁৰ কান্ধৰ কানমাৰি, আৰু তেওঁৰ উপদ্ৰৱকাৰী দণ্ড ভাঙি পেলালা।


দক্ষিণ অঞ্চলৰ নগৰবোৰ বন্ধ হ’ল, সেইবোৰ মেলি দিওঁতা কোনো নাই; গোটেই যিহূদাক দেশান্তৰলৈ নিয়া হ’ল, তাৰ সকলো লোককে নিয়া হ’ল।


কিয়নো বহুকাল হ’ল, তুমি তোমাৰ যুৱলি ভাঙিলা; আৰু যোঁত-জৰী চিঙি ক’লা, “মই পৰাধীন নহম,” কাৰণ তুমি প্ৰত্যেক ওখ পৰ্ব্বতত, আৰু কেঁচাপতীয়া গছৰ তলত মূৰ দোৱাই বেশ্যাকৰ্ম কৰিলা।


তোমালোকে মৃত জনৰ বাবে নাকান্দিবা, আৰু সেইজনৰ বাবে বিলাপ নকৰিবা; কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা, কিয়নো তেওঁ আৰু উলটি নাহিব, বা নিজৰ জন্ম দেশ আৰু নেদেখিব’”।”


যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত”, “যিহূদাৰ ৰজা যিহোয়াকীমৰ পুত্ৰ কনিয়া মোৰ সোঁ হাতত থকা মোহৰৰ দৰে হলেও, মই তোমাক তাৰ পৰা খহাই পেলাম।


যিহোৱাই মোক কিবা এটা দেখুৱাইছিল। যিহোৱাৰ মন্দিৰৰ সন্মুখত ৰাখি থোৱা ডিমৰু গুটিৰ দুটা পাচি মোক দেখুৱাইছিল। বাবিলৰ ৰজা নবূখদনেচৰে যিৰূচালেমৰ পৰা কমাৰ, বাঢ়ৈ আদি শিল্পকাৰীয়ে সৈতে যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, আৰু যিহূদাৰ প্ৰধান লোকসকলক বাবিললৈ বন্দী কৰি নিয়াৰ পাছত এই দৰ্শন ঘটিছিল।


বোলে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: এই ঠাইৰ পৰা কলদীয়াসকলৰ দেশলৈ মই বন্দী কৰি পঠোৱা যিহূদাৰ লোকসকলক মই এই উত্তম ডিমৰু গুটিৰ দৰে মঙ্গলৰ অৰ্থে সুদৃষ্টি কৰিম।


যি জাতি আৰু ৰজাই সেই বাবিলৰ ৰজা নবূখদনেচৰৰ বন্দী-কাম নকৰিব, আৰু বাবিলৰ ৰজাৰ যুৱলিত নিজৰ ডিঙি নাৰাখিব, যিহোৱাই কৈছে, মই তেওঁৰ হাতেৰে এই জাতিক সংহাৰ নকৰালৈকে তৰোৱাল আৰু মহামাৰীৰ দ্বাৰাই দণ্ড দিম।


পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন সোলোকাই ভাঙি পেলালে।


“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিলোঁ।


যিৰূচালেমৰ পৰা যিৰিমিয়া ভাববাদীয়ে পঠোৱা পত্ৰখনৰ কথা এইবোৰ - যিবোৰ দেশান্তৰলৈ নিয়া বৃদ্ধসকলৰ অৱশিষ্ট বাগলৈ, আৰু যিৰূচালেমৰ পৰা বাবিললৈ নবূখদনেচৰে বন্দী কৰি নিয়া পুৰোহিত, ভাববাদী, আৰু সকলো প্ৰজালৈ পঠিয়াইছিল।


আৰু এইয়া হৈছিল যেতিয়া যকনিয়া ৰজা, ৰাজমাও, নপুংসকসকল, যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোকসকল, আৰু ৰাজমিস্ত্ৰি বাঢ়ৈ আদি শিল্পকাৰীসকলে যিৰূচালেমৰ পৰা প্ৰস্থান কৰিছিল।


আৰু বাহিনীসকলৰ যিহোৱাই কৈছে: সেই দিনা মই তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি ভাঙি পেলাম; আৰু তোমাৰ যোত-জৰীবোৰ চিঙি পেলাম, বিদেশীসকলে তেওঁক আৰু বন্দী-কাম নকৰাব।


মিচৰীয়াসকলৰ বন্দী নহবৰ কাৰণে যিজনাই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই; মই তোমালোকৰ যুৱলিৰ শ’লমাৰি ভাঙি, তোমালোকক মূৰ দঙাই গমণ কৰিলোঁ।


মই এতিয়া তোমাৰ পৰা তাৰ যুৱলি ভাঙি পেলাম, আৰু তোমাৰ বান্ধবোৰ ছিঙি পেলাম।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন