Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 25:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 যিহোৱাই প্ৰতি প্ৰভাতে উঠি তেওঁৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছে, কিন্তু তোমালোকে শুনা নাই, আৰু শুনিবলৈ কাণো পতা নাই।

অধ্যায়টো চাওক কপি কৰক




যিৰি 25:4
24 পৰস্পৰ সংযোগসমূহ  

তথাপি যিহোৱালৈ তেওঁলোকক ওভটাই আনিবৰ বাবে তেওঁ ভাববাদীসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে আৰু তেওঁলোকে তেওঁলোকৰ অহিতে সাক্ষ্য দিলে, কিন্তু তেওঁলোকে তাক শুনিবলৈ অমান্তি হ’ল।


আৰু যিহোৱাই মনচিক আৰু তেওঁৰ লোকসকলক নানা কথা ক’লে; কিন্তু তেওঁলোকে কোনো মনোযোগ নিদিলে।


আৰু তোমালোক হ’লে তোমালোকৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কদাচৰণ কৰিছা, কিয়নো চোৱা! তোমালোক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলি মোৰ কথাত কাণ নিদিয়া।


তেওঁলোকে সেই আজ্ঞা শুনিবলৈ খোজ নাছিল, আৰু তালৈ কাণ দিয়া নাছিল, কিন্তু নুশুনিবলৈ আৰু শিক্ষা গ্ৰহণ নকৰিবলৈ নিজ নিজ ডিঙি ঠৰ কৰিছিল।


কিন্তু তেওঁলোকে কয়, ‘কি কাম আছে? কিয়নো আমি নিজ নিজ কল্পনা অনুসাৰে চলিম, আৰু প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য কৰিম’।”


“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই এই নগৰ আৰু তাৰ সকলো উপনগৰৰ ওপৰত, তাৰ বিৰুদ্ধে মই কোৱা সকলো অমঙ্গল ঘটাম; কাৰণ, মোৰ বাক্য নুশুনিবৰ বাবে তেওঁলোকে নিজ নিজ ডিঙি ঠৰ কৰিলে’।”


তোমাৰ মঙ্গলৰ সময়ত মই তোমাক কৈছিলোঁ; কিন্তু তুমি, “মই নুশুনো” বুলি ক’লা। তুমি যে মোৰ বাক্য পালন নকৰা, এয়ে লৰা কালৰে পৰা তোমাৰ দস্তুৰ।


তেওঁ ক’লে, “আমোনৰ পুত্ৰ যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্ব কালৰ ত্ৰয়োদশ বছৰৰ পৰা আজিলৈকে এই তেইশ বছৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহি আছে আৰু মই প্ৰতি প্ৰভাতে উঠি তোমালোকক তাক কৈ আছোঁ। মই তোমালোকক ক’বলৈ অতি ইচ্ছুক আছিলোঁ, কিন্তু তোমালোকে কাণ দিয়া নাই।


তথাপি, যিহোৱাই কৈছে, “তোমালোকে নিজৰ নিজৰ অপকাৰৰ অৰ্থে তোমালোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ দিবলৈ মোলৈ কাণ দিয়া নাই।”


মোৰ দাস সেই ভাববাদীসকলৰ বাক্য শুনিবলৈ, তোমালোকৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থামতে চলিবলৈ, যদি তোমালোকে মোলৈ কাণ নিদিয়া,


কাৰণ যিহোৱাই কৈছে: ‘মই অতি প্ৰভাতে উঠি তেওঁলোকৰ ওচৰলৈ মোৰ দাস ভাববাদীসকলৰ দ্বাৰাই পঠোৱা মোৰ বাক্যলৈ তোমালোকে কাণ নিদিলা;’ যিহোৱাই কৈছে: ‘তোমালোকে মোৰ বাক্য শুনিবলৈ ইচ্ছা নকৰিলা।’


তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।


আৰু মই তোমাক, “তোমাৰ বংশক, আৰু তোমাৰ মন্ত্ৰীসকলক তোমালোকৰ অপৰাধৰ কাৰণে দণ্ড দিম। আৰু তোমালোকৰ অহিতে, যিৰূচালেম-নিবাসীসকল আৰু যিহূদী লোকসকলৰ অহিতে যি অমঙ্গলৰ কথা ক’লোঁ, কিন্তু তোমালোকে নুশুনিলা, সেই সকলো অমঙ্গল মই তোমালোকলৈ ঘটাম।”


শিঙাৰ শব্দলৈ কাণ পাতিবা বুলি কৈ, মই তোমালোকৰ ওপৰত প্ৰহৰীবোৰ নিযুক্ত কৰিলোঁ; কিন্তু তেওঁলোকে ক’লে, “আমি কাণ নাপাতিম।”


তোমালোকৰ পূৰ্ব-পুৰুষসকলৰ নিচিনা তোমালোক নহ’বা; যিসকলৰ আগত আগৰ কালৰ ভাববাদীসকলে কৈছিল, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ কু-পথৰ, আৰু নিজ নিজ কু-কাৰ্যৰ পৰা ঘূৰা!” কিন্তু তেওঁলোকে সেই কথা নুশুনিলে, বা মোলৈ কাণ নিদিলে।” এয়ে যিহোৱাৰ ঘোষণা।


সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন