Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 23:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 “আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।

অধ্যায়টো চাওক কপি কৰক




যিৰি 23:33
19 পৰস্পৰ সংযোগসমূহ  

সেইবাবে যিহোৱাই ক’লে, “মই মোৰ দৃষ্টিৰ পৰা ইস্ৰায়েলক যেনেকৈ দূৰ কৰিলোঁ, তেনেকৈ যিহূদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলোঁ, সেই যিৰূচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলোঁ, ‘মোৰ নাম তাত থাকিব’ সেই গৃহক মই অগ্রাহ্য কৰিম।


তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।


আমোচৰ পুত্ৰ যিচয়াই পোৱা বাবিলৰ বিষয়ে ঘোষণা।


ৰজা আহজৰ মৃত্যু হোৱাৰ বছৰত এই ঘোষণা হৈছিল।


মই মোৰ গৃহ ত্যাগ কৰিলোঁ; মোৰ আধিপত্য এৰি দিলোঁ। মই মোৰ প্ৰাণৰ প্ৰিয়াক শত্ৰূ হাতত শোধাই দিলোঁ।


চোৱা, তেওঁলোকে মোক কৈছে, “যিহোৱাৰ বাক্য ক’ত? সেয়ে এতিয়া ঘটক।”


যিহোৱাই তেওঁলোকক অগ্ৰাহ্য কৰা বাবে, মানুহে তেওঁলোকক “পেলনীয়া ৰূপ” বুলিব’!”


আৰু তোমালোকৰ ভাইসকলক, এনে কি, ইফ্ৰয়িমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালোঁ, তেনেকৈ তোমালোককো মোৰ সম্মুখৰ পৰা দূৰ কৰি পেলাম।


আকৌ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,


যদিওবা কোনোৱে সন্তান সকলক ডাঙৰ-দীঘল কৰে, সেই সন্তান সকলৰ মৃত্যু ঘটাই মই তেওঁলোকক সন্তানহীন কৰিম; তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিব। যেতিয়া মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাম, তেওঁলোকৰ অৱশ্যেই সন্তাপ হ’ব।


মই ইলকোচ গাৱঁৰ নহূম। যিহোৱাই মোক দৰ্শনৰ যোগেদি দিয়া নীনবি নগৰৰ বিষয়ে এই এক ঘোষণা।


ভাববাদী হবক্কুকে ঘোষণা কৰা বাৰ্ত্তা গৃহীত কৰিলে।


হদ্ৰক দেশৰ বিৰুদ্ধে যিহোৱাৰ বাক্য হ’ল আৰু দম্মেচকত তেওঁৰ আশ্ৰয় হ’ল; কিয়নো ইস্ৰায়েল আটাই ফৈদৰ ওপৰত থকাৰ দৰে মনুষ্য জাতিৰ ওপৰত যিহোৱাৰ দৃষ্টি হ’ব।


মলাখীৰ দ্বাৰাই ইস্ৰায়েলীয়াসকললৈ যিহোৱাৰ বাক্য।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন