Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 23:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 যিহোৱাই কৈছে, “মোৰ বাক্য অগ্নিস্বৰূপ নহয় নে?” “আৰু শিল টুকুৰা-টুকুৰী কৰা হাতুৰীৰ নিচিনা নহয় নে?

অধ্যায়টো চাওক কপি কৰক




যিৰি 23:29
11 পৰস্পৰ সংযোগসমূহ  

কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা।


এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ যিহোৱাই কৈছে, চোৱা এই কথা কোৱা বাবে, মই তোমাৰ মুখত মোৰ বাক্য অগ্নিস্বৰূপ, আৰু এই জাতিক খৰিস্বৰূপ কৰিম; সেয়ে তেওঁলোকক গ্ৰাস কৰিব।


পাছত তেওঁলোকে পৰস্পৰে কোৱা-কুই কৰি ক’লে, “বাটত আহি থাকোতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু ধৰ্মশাস্ত্ৰৰ অর্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে?”


আৰু যদি মই কওঁ, যে, ‘মই যিহোৱাক আৰু উল্লেখ নকৰোঁ; বা তেওঁৰ নামেৰে আৰু নকওঁ’, তেনেহ’লে মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে; মই সহি সহি ক্লান্ত হ’লো, সহি আৰু থকিব নোৱাৰোঁ।


তেওঁলোকক কোনোৱে যদি অনিষ্ট কৰিব খোজে, তেনেহলে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুবোৰক গ্ৰাস কৰে৷ কোনোৱে যদি তেওঁলোকক অনিষ্ট কৰিব খুজিব, তেনেহলে একেদৰে তেওঁ হত হ’ব লাগিব।


আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।


তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতিজনৰ ওপৰত ৰৈ থাকিল।


এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনি সকলক তেওঁলোকে কলে, “হে ভাই সকল, আমি এতিয়া কি কৰিম?”


যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে?


সেই কাৰণেই মই ভাববাদীৰ দ্বাৰাই তেওঁলোকক খণ্ড-খণ্ডকৈ কাটিলোঁ, মোৰ মুখৰ বাক্যৰ দ্বাৰাই তেওঁলোকক বধ কৰিলোঁ; মোৰ বিচাৰৰ ৰায় তোমালোকৰ ওপৰত বিজুলীৰ নিচিনাকৈ চমকি উঠিছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন