22 বতাহে তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰক চলাই নিব, তোমাক প্ৰেম কৰা সকলোৱে বন্দী-অৱস্থালৈ যাব। তেতিয়া অৱশ্যে তুমি তোমাৰ দুষ্টতাৰ বাবে লাজ পাবা আৰু বিবৰ্ণ হবা।
কিয়নো আমি সকলোৱেই অশুচি লোকৰ সদৃশ হলোঁ, আৰু আমাৰ সকলো ধাৰ্মিকতা চুৱা কাপোৰৰ দৰে হল; আমি সকলোৱে পাতৰ দৰে জয় পৰিছোঁ, আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উড়ুৱাই লৈ গৈছে।
প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা, মোৰ দাসবোৰে ভোজন কৰিব, কিন্তু তোমালোক ভোকত থাকিবা; চোৱা, মোৰ দাসবোৰে পান কৰিব, কিন্তু তোমালোক পিয়াহত থাকিবা; চোৱা, মোৰ দাসবোৰে আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা;
কিয়নো ৰখীয়াসকল পশু-তুল্য হ’ল। আৰু তেওঁলোকে যিহোৱাক নিবিচাৰিলে। এই কাৰণে তেওঁলোকে মঙ্গল পোৱা নাই; তেওঁলোকৰ আটাই জাক গোট গোট হৈ গ’ল।
অনেক মেৰ-ছাগৰখীয়াই মোৰ দ্ৰাক্ষাবাৰী নষ্ট কৰিলে, মোৰ ভাগ ভৰিৰ তলত মোহাৰিলে; মোৰ সন্তোষজনক ভাগ ধ্বংস-অৰণ্য কৰিলে।
তুমি তোমাৰ পথ সলনি কৰিবৰ মনেৰে কিয় ইমানকৈ ভ্ৰমণ কৰিছা? তুমি অচুৰৰ পৰা যেনেকৈ লাজ পাইছিলা, তেনেকৈ মিচৰৰ পৰাও লাজ পাবা।
অৱশ্যে তাৰ ওচৰৰ পৰাও মূৰত হাত দি গুচি যাবা; কিয়নো যিহোৱাই তোমাৰ আশ্ৰয়স্থানবোৰ অগ্ৰাহ্য কৰিলে; সেইবোৰত তোমাৰ কুশল নহব।”
‘এতিয়া যিহোৱা ক’ত’ বুলি তোমালোকৰ পুৰোহিতসকলে নক’লে, আৰু ব্যৱস্থাত পাৰ্গতলোকে মোক নাজানিলে, আৰু তোমালোককৰ পালকসকলেও মোৰ বিৰুদ্ধে অধৰ্ম-আচৰণ কৰিলে, আৰু ভাববাদীসকলেও বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰিলে আৰু অনুপকাৰী বস্তুৰ পাছত চলিলে।”
কিন্তু যিহোৱা ভয়ানক বীৰৰ নিচিনাকৈ মোৰ সঙ্গত থাকে, সেইবাবে মোৰ তাড়নাকাৰীসকলে উজুটি খাব। আৰু তেওঁলোক কৃতকাৰ্য্য নহ’ব। তেওঁলোকে জ্ঞানেৰে সৈতে ব্যৱহাৰ নকৰাত অতিশয় লাজ পাব; সেই অপমান কেতিয়াও পাহৰা নাযাব, চিৰকাললৈকে থাকিব।
তোমাৰ প্ৰেমকাৰিণী সকলোৱে তোমাক পাহৰিলে, তেওঁলোকে তোমাক নিবিচাৰে, কিয়নো তোমাৰ অপৰাধৰ বহুল্যৰ কাৰণে, তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে শত্ৰূৱে আঘাত কৰাৰ দৰে মই তোমাক আঘাত কৰিলোঁ, নিষ্ঠুৰ লোকে শাস্তি দিয়াৰ দৰে শাস্তি দিলোঁ।
এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।
ভাববাদীসকল বায়ুস্বৰূপ হ’ল, তেওঁলোকৰ মাজত যিহোৱাৰ বাক্য ঘোষণা কৰিবলৈ কোনো নাই। তেওঁলোকৰ আশংকা তেওঁলোকতেই হওঁক’।”
যিহোৱাই কৈছে, তেওঁলোকে জানো মোকহে দুখ দিব? কিন্তু নিজৰ মুখ বিবৰ্ণ কৰিবলৈ জানো নিজৰ মনকেই বেজাৰ নিদিব?
ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।
ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও, যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব, মৰুভূমিৰ পৰা বৈ আহিব; ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুৱাঁত পানী নোহোৱা হ’ব; শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব।
শাস্তিৰ এক বায়ুৱে নিজৰ ডেউকাৰে সেই জাতিক মেৰিয়াই উৰাই লৈ যাব; তাতে তেওঁলোকে নিজৰ উৎসর্গবোৰৰ কাৰণে লাজ পাব।
হায়, জাক এৰি যোৱা অযোগ্য মেৰ-ৰখীয়া! তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা! তেওঁৰ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁৰ সোঁ চকু অন্ধ হ’ব।
মই এক মাহৰ ভিতৰতে সেই তিনিজন মেৰ-ছাগ ৰখীয়াক বিনষ্ট কৰিলোঁ; কিয়নো মই তেওঁলোকৰ প্রতি অধৈৰ্য হ’লো - কিয়নো তেওঁলোকৰ প্ৰাণেও মোক ঘিণ কৰিলে।