1 যিহোৱাৰ গৃহৰ প্ৰধান অধ্যক্ষ ইম্মেৰৰ পুতেক পুৰোহিত পচহুৰে যিৰিমিয়াৰ এইবোৰ ভাববাণী প্ৰচাৰ কৰা শুনি,
পঞ্চদশ বিলগাৰ, ষোড়শ ইম্মেৰৰ,
ইহুদীসকলৰ প্রধান পুৰোহিত চৰায়া, দ্বিতীয় পুৰোহিত চফনিয়া আৰু তিনিজন দুৱাৰ-ৰক্ষকক দেহৰক্ষীৰ অধিনায়কে বন্দী কৰি লৈ গ’ল।
এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্ৰধান পুৰোহিত সকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল।
পিতৰ আৰু যোহনে লোক সকলৰ মাজত কথা কৈ থাকোতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দূকী সকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হল৷
আৰু তেওঁৰ প্ৰধান লোকসকলে ইচ্ছা মনেৰে লোকসকলক, পুৰোহিতসকলক আৰু লেবীয়াসকলক উৎসৰ্গ কৰিবৰ অৰ্থে পশু দান কৰিলে, বিশেষকৈ হিল্কিয়া, জখৰিয়া আৰু যিহীয়েল, ঈশ্বৰৰ গৃহৰ এই অধ্যক্ষ কেইজনে পুৰোহিতসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে দুই হাজাৰ ছশ ভেড়া ও ছাগলী পোৱালি আৰু তিনিশ ষাঁড় দিলে।
অহীটুবৰ পুত্র মৰায়োত, মৰায়োতৰ পুত্র চাদোক, চাদোকৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র হিল্কিয়া, হিল্কিয়াৰ পুত্র অজৰিয়া ঈশ্বৰৰ গৃহৰ প্রধান অধ্যক্ষ আছিল।
আৰু হে পচহুৰ, তুমি আৰু তোমাৰ গৃহবাসী সকলোৱেই বন্দী-অৱস্থালৈ যাব, আৰু তুমি বাবিললৈ গৈ তাত মৰিবা; আৰু তাত তোমাক, আৰু তুমি যিসকলৰ আগত মিছাকৈ ভাববাণী প্ৰচাৰ কৰিছিলা, তোমাৰ সেই সকলো বন্ধুক পোতা যাব।
“যি কোনো মানুহে বলীয়া হৈ নিজকে ভাববাদী পাতে, সেই মানুহক কুন্দাত আৰু শিকলিত বন্ধ কৰিবলৈ, যিহোৱাৰ গৃহত অধ্যক্ষ হবৰ কাৰণে যিহোয়াদা পুৰোহিতৰ সলনি যিহোৱাই তোমাক পুৰোহিত নিযুক্ত কৰিলে।
সেই প্ৰধান লোকসকলে যিৰিমিয়ালৈ ক্ৰোধ হৈ তেওঁক কোবাই যোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই হ’ল; কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল।