Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 2:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

35 তথপি তুমি কৈছা, মই নিৰ্দ্দোষী, অৱশ্যে মোৰ পৰা তেওঁৰ ক্ৰোধ ঘূৰিল। চোৱা, মই পাপ কৰা নাই, তুমি এই কথা কোৱাৰ কাৰণে, মই তোমাৰে সৈতে বিচাৰস্থানত সোমাম।

অধ্যায়টো চাওক কপি কৰক




যিৰি 2:35
11 পৰস্পৰ সংযোগসমূহ  

তুমি কলা, “মই শুচি, মই নিৰপৰাধী, মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই।


যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।


তেওঁলোকে কয়, “আমি কিয় লঘোনে থাকিলো?” তুমি দৃষ্টি নকৰিলা? আমি কিয় নিজকে নম্র কৰিলোঁ, তুমি মন নিদিলা? চোৱা, তোমালোকে লঘোনত থকা দিনাও তোমালোকৰ নিজৰ আনন্দ বিচাৰা আৰু তোমালোকৰ বনুৱাসকলক উপদ্ৰৱ কৰা।


আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা, আৰু তেওঁলোকে তোমাক ক’ব, যে, ‘যিহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক’লে? বা আমাৰ অপৰাধ কি? আমি আমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি?’


তুমি কেনেকৈ কব পৰা, যে, মই অশুচি নহওঁ, বালদেৱতাবোৰৰ পাছত চলা নাই? উপত্যকাত কৰা তোমাৰ আচাৰ-ব্যৱহাৰ চোৱা, তুমি কি কৰিলা, তাক জ্ঞাত হোৱা; তুমি তোমাৰ পথত পকোৱা-পকিকৈ ভ্ৰমি ফুৰোঁতা এজনী বেগীউটৰ নিচিনা।


যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লগত প্ৰতিবাদ কৰিছা? তোমালোক সকলোৱেই মোলৈ বিদ্রোহ আচৰণ কৰিছা?


এই হেতুকে, যিহোৱাই কৈছে, মই তোমালোকৰ লগত আৰু প্ৰতিবাদ কৰিম, আৰু তোমালোকৰ পো-নাতিসকলৰ সৈতেও প্ৰতিবাদ কৰিম।


পৃথিৱীৰ সীমালৈকে ধ্বনিয়ে ব্যাপিব; কিয়নো জাতি সমূহে সৈতে যিহোৱাৰ বিবাদ আছে, তেওঁ মৰ্ত্ত্যসকলে সৈতে প্ৰতিবাদ কৰিব; দুষ্টহঁতক হ’লে, তেওঁ তৰোৱালত শোধাই দিব।” এয়ে যিহোৱাৰ বচন।


মই তেওঁৰ ওপৰত মোৰ জাল মেলিম আৰু তেওঁ মোৰ ফান্দত ধৰা পৰিব। তেতিয়া মই তেওঁক বাবিললৈ নি তেওঁ মোৰ অহিতে কৰা তেওঁৰ অপৰাধৰ কাৰণে সেই ঠাইত তেওঁৰ ওপৰত গোচৰ কৰিম।


পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন