34 তোমাৰ বস্ত্ৰৰ আঁচলতে নিৰ্দ্দোষী দৰিদ্ৰ প্ৰাণীবোৰৰ তেজ পোৱা গৈছে; মই বৰকৈ বিচাৰি বিচাৰি যে তাক পালোঁ, এনে নহয়, কিন্তু সেই সকলোৰে ওপৰত তাক পালোঁ।
তাৰ বাহিৰেও ইমূৰৰ পৰা সিমূৰলৈকে যিৰূচালেম মৃতকৰ তেজেৰে পূর্ণ নকৰামানলৈকে মনচিয়ে নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাত কৰিলে। যিহূদাৰ লোকসকলৰ দ্বাৰাই তেওঁ কৰোঁৱা পাপ কার্যৰ উপৰি তেওঁ এনে পাপ কৰি যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
আৰু তেওঁ কৰা নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নির্দ্দোষীসকলৰ তেজেৰে যিৰূচালেম পূৰ্ণ কৰিছিল আৰু যিহোৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ’ল।
কোনো লোকে যদি গৰু বা মেৰ-ছাগ চুৰ কৰি বধ কৰে অথবা বিক্রী কৰে, তেনেহ’লে তেওঁ এটা গৰুৰ সলনি পাঁচটা গৰু, আৰু এটা মেৰ-ছাগৰ সলনি চাৰিটা মেৰ-ছাগ দিব লাগিব।
চোৰে সিন্ধি দিওঁতে যদি ধৰা পৰে, আৰু তেওঁক প্ৰহাৰ কৰোঁতে যদি তেওঁ মৰে, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত কোনো লোকক হত্যাকাৰী বুলি গণিত কৰা নহ’ব।
তোমালোকে ওক গছ আৰু প্ৰত্যেক জোপা সেউজীয়া গছৰ তলত কামাগ্নিত উত্তেজিত হোৱা, যি তোমালোক, তোমালোকে ওপৰৰ পৰা ওলমি থকা শিলাময়ৰ তলৰ নদীৰ কিনাৰত নিজৰ সন্তান সকলক বধ কৰোঁতা।
কিয়নো তোমালোকৰ হাত তেজেৰে আৰু তোমালোকৰ আঙুলিবোৰ অপৰাধেৰে অশুচি হৈ আছে। তোমালোকৰ ওঁঠে মিছা কথা কৈছে, তোমালোকৰ জিভাই দুষ্টতাৰ কথা কৈছে।
তেওঁলোকৰ ভৰি কুকৰ্মৰ ফাললৈ বেগাই চলে, আৰু তেওঁলোকে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিবলৈ বেগাবেগি কৰে; তেওঁলোকৰ কল্পনাবোৰ অধৰ্মৰ কল্পনাহে; ধ্বংস আৰু উচ্ছন্নতা তেওঁলোকৰ পথত আছে।
তেওঁলোকে মোক ত্যাগ কৰিলে, এই ঠাই বিজাতীয় ঠাই কৰিলে, আৰু তেওঁলোক, তেওঁলোকৰ পূৰ্বপুৰুষসকল আৰু যিহূদাৰ ৰজাসকলে নজনা ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে এই ঠাইত ধূপ জ্বলালে আৰু নিৰ্দ্দোষী লোকসকলৰ তেজেৰে এই ঠাই পৰিপূৰ্ণ কৰিলে।
তুমি প্ৰেম বিচাৰিবলৈ কেনে সুন্দৰৰূপে নিজ পথ যুগুত কৰিছা। এই কাৰণে দুষ্ট স্ত্রীসকলকো তুমি নিজ পথ শিকালা।
তেওঁলোক ঘিণলগীয়া কাৰ্য কৰাত তেওঁলোকে লাজ পাওক ছাৰি মুখ বিবৰ্ণ কৰিবলৈ জনা নাই; সেই কাৰণে তেওঁলোকে পতিত হোৱা লোকসকলৰ মাজত পতিত হব। যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়াৰ সময়ত তেওঁলোকে উজুটি খাই পৰিব।”
আৰু তেওঁলোকৰ পো-জীসকলক জুইত পুৰিবলৈ হিন্নোমৰ পুতেকৰ উপত্যকাত থকা তোফতৰ ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ। আৰু এই বিষয় মোৰ মনত উদয়ো হোৱা নাছিল।
বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,
তেওঁলোকে ঘিণলগীয়া কাৰ্য কৰাত লাজ পাওঁক ছাৰি তেওঁলোকে মুখ বিবৰ্ণ কৰিবলৈকে জনা নাই? এই কাৰণে তেওঁলোক পতিত হোৱা লোকসকলৰ মাজত পতিত হ’ব; যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়া সময়ত তেওঁলোকে উজুটি খায় পৰিব।
তাইৰ চুৱা, তাইৰ কাপোৰৰ আঁচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে। এই কাৰণে আচৰিতৰূপে তাইৰ অধোগতি হ’ল। তাইক শান্ত্বনা দিওঁতা কোনো নাই। হে যিহোৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰক, কাৰণ শত্ৰু অতি মহান হ’ল!
সিহঁতে অন্ধ লোকসকলৰ দৰে আলিত ভ্ৰমণ কৰিছিল। সিহঁত তেজেৰে এনেকৈ অশুচি হৈছিল, যে, লোকসকলে সিহঁতৰ কাপোৰ চুব নোৱাৰিছিল।
আৰু তোমালোকে নিজৰ উপহাৰ উৎসৰ্গ কৰি, নিজৰ সন্তান সকলক অগ্নিৰ মাজেদি গমন কৰাই আজিলৈকে তোমালোকৰ আটাই প্রতিমাৰে সৈতে নিজকে অশুচি কৰা নাই নে? তেন্তে হে ইস্ৰায়েল বংশ, মই জানো তোমালোকক মোক সুধিবলৈ দিম? “‘“প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ।”’”
তাৰ মাজত তাৰ ভাববাদীসকলে চক্ৰান্ত কৰিছে, তেওঁলোকে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; তেওঁলোকে মনুষ্যক গ্ৰাস কৰে! তেওঁলোকে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; তেওঁলোকে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।
কিন্তু ধাৰ্মিকসকলে ব্যভিচাৰিণীক আৰু ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে সিহঁত দুজনীক দণ্ড দিব, কিয়নো তেওঁলোক ব্যভিচাৰিণী; আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে।
কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে! তাই শুদা শিলৰ ওপৰত তাক ৰাখিছে; তাই ধূলিৰে ঢাকি ৰাখিবৰ কাৰণে মাটিৰ ওপৰত তাক ঢলা নাই,
তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’