Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 2:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 তুমি নিজৰ কাৰণে যি দেৱতাবোৰ সাজিলা, তোমাৰ সেই দেৱতাবোৰ ক’ত? সেইবোৰেই উঠি, যদি পাৰে, তেন্তে আপদৰ সময়ত তোমাক নিস্তাৰ কৰক; কিয়নো হে যিহূদা, তোমাৰ যিমান নগৰ, সিমান তোমাৰ দেৱতা আছে।

অধ্যায়টো চাওক কপি কৰক




যিৰি 2:28
16 পৰস্পৰ সংযোগসমূহ  

ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাববাদীসকলৰ ওচৰলৈ যাওঁক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ’বলৈ যিহোৱাই আমাৰ তিনিওজন ৰজাক একত্রিত কৰি মাতি আনিলে।”


জাতিবোৰৰ মাজৰ শৰণার্থীসকল, তোমালোক একগোটহৈ নিজকে সমবেত কৰা আৰু আহাঁ! যিসকলে কটা প্ৰতিমা ভাৰ বৈ ফুৰে, আৰু ৰক্ষা কৰিব নোৱাৰা দেৱতাৰ আগত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ কোনো জ্ঞানো নাই।


একেলগে সিহঁত নত হ’য়, আঠু কাঢ়ে; সিহঁতে প্রতিমাবোৰ উদ্ধাৰ কৰিব নোৱাৰে; কিন্তু সিহঁত নিজেও বন্দী অৱস্থালৈ যায়।


তেওঁলোকে তাক তেওঁলোকৰ কান্ধত উঠাই আৰু কঢ়িয়াই লৈ যায়, তেওঁলোকে নিজ ঠাইত তাক স্থাপন কৰে; তাতে সি থিয় হৈ থাকে, আৰু নিজৰ ঠাইৰ পৰা লৰচৰ নহয়। তেওঁলোকে তাৰ আগত কান্দে, কিন্তু উত্তৰ দিব নোৱাৰে, নাইবা তেওঁলোকক সঙ্কটৰ পৰা উদ্ধাৰ কৰিবও নোৱাৰে।


যেতিয়া তুমি কাতৰোক্তি কৰা, তেতিয়া তুমি গোটোৱা দেৱতাবোৰে তোমাক উদ্ধাৰ কৰক; কিন্তু সেই আটাইবোৰক বতাহে উৰোৱাই নিব, আৰু এক ফুঁতে সেইবোৰক নিয়া হব। তথাপি যি মানুহে মোত আশ্ৰয় লব, তেওঁ দেশৰ আধিপত্য পাব, আৰু মোৰ পবিত্র পৰ্ব্বতটোত অধিকাৰ কৰিব।


তেতিয়া মই তেওঁলোকৰ আটাই দুষ্টতাৰ কাৰণে মোৰ লোকসকলৰ বিৰুদ্ধে মোৰ দণ্ডাজ্ঞা প্ৰচাৰ কৰিম; কিয়নো তেওঁলোকে মোক পৰিত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত ধূপ জ্বলাইছে। আৰু তেওঁলোকে নিজ নিজ হাতেৰে নির্মান কৰা মূর্তিৰ আগত প্ৰণিপাত কৰিছে!


তেতিয়া যিহূদাৰ নগৰবোৰৰ লোকে আৰু যিৰূচালেম নিবাসীসকলে গৈ, তেওঁলোকে ধূপ জ্বলোৱা দেৱতাবোৰৰ আগত কাতৰোক্তি কৰিব, কিন্তু সেইবোৰে তেওঁলোকৰ আপদৰ সময়ত তেওঁলোকক সমূলি ত্ৰাণ কৰিব নোৱাৰিব।


কিয়নো হে যিহূদা, তোমাৰ নগৰ যিমান, তোমাৰ দেৱতা সিমানেই বাঢ়িল। আৰু যিৰূচালেমৰ আলি যিমান, লজ্জাজনক বস্তুৰ উদ্দেশ্যে, এনে কি, বালৰ কাৰণে ধূপ জ্বলাবলৈ তোমালোকে সিমান যজ্ঞ-বোদি স্থাপন কৰিলা।


হায় হায়! সেই দিন ইমান মহৎ, যে, তাৰ নিচিনা আৰু কোনো দিন নাই। এয়ে যাকোবৰেই সঙ্কটৰ কাল, কিন্তু তেওঁ তাৰ পৰা ৰক্ষা পাব।


আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত?


ইস্ৰায়েল এক লহপহীয়া দ্ৰাক্ষালতা; তাত প্রচুৰ ফল ধৰে। তাৰ ফল যিমানে বৃদ্ধি পালে, সিমান অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নির্মাণ কৰিলে। তেওঁৰ দেশৰ যিমানে উন্নতি হ’ল, তেওঁ নিজৰ পবিত্র স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে।


কটা-প্ৰতিমাই তোমাক কি উপকাৰ কৰে? যে তাৰ বাবে নিৰ্মাণকাৰীয়ে যেতিয়া তাক কাটে বা গলোৱা ধাতুৰ পৰা যেতিয়া প্রতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক; যেতিয়া নিৰ্মাণকাৰীয়ে নিষ্প্রাণ মূৰ্ত্তি তৈয়াৰ কৰে, তেতিয়া তেওঁ নিজৰ হাতৰ কৰ্মত বিশ্বাস কৰে।


যি জনে কাঠক সাৰ পোৱা বুলি কয়, বা শিলক উঠা বুলি কয়, তেওঁৰ সন্তাপ হ’ব! সেইবোৰে জানো শিক্ষা দিব? চোৱা, এইবোৰত সোণ আৰু ৰূপ খটোৱা হৈছে, কিন্তু সেইবোৰৰ ভিতৰত কিঞ্চিতো প্রাণবায়ু নাই।


তেওঁ তেতিয়া ক’ব, “তেওঁলোকৰ দেৱতাবোৰ ক’ত আছে? ক’ত আছে তেওঁলোকৰ সেই শিল যিহত তেওঁলোকে আশ্রয় লৈছিল?


যি দেৱতাবোৰক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাতৰোক্তি কৰা; সঙ্কটৰ সময়ত তেওঁলোকেই তোমালোকক ৰক্ষা কৰক।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন