Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 2:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 কিয়নো যদিও খাৰেৰে নিজৰ গা ধোৱা, আৰু অনেক চাবোন লগোৱা, তথাপি মোৰ দৃষ্টিত তোমাৰ অপৰাধ দাগস্বৰূপ হৈ থাকিব, এয়েই সত্য, কিয়নো ইয়াক প্ৰভু যিহোৱাই কৈছে।

অধ্যায়টো চাওক কপি কৰক




যিৰি 2:22
12 পৰস্পৰ সংযোগসমূহ  

তেতিয়া দায়ূদে ঊৰিয়াক ক’লে, “তুমি আজিও ইয়াতে থাকা, কাইলৈ মই তোমাক বিদায় দিম।” তাতে উৰিয়াই সেইদিনা আৰু তাৰ পাছ দিনাখনো যিৰূচালেমত থাকিল।


মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা।


হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?


তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা; তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়।


কিয়নো তেওঁলোকৰ সকলো পথত মোৰ চকু আছে, তেওঁলোক মোৰ পৰা গুপুতে নাথাকিব বা তেওঁলোকৰ অপৰাধ মোৰ দৃষ্টিত অগোচৰ নহ’ব।


যিহূদাৰ পাপ লোহাৰ লিখনী আৰু হীৰাৰ কাঁইটেৰে লিখা হৈছে। তাক তেওঁলোকৰ হৃদয়ৰূপ ফলিত আৰু তোমালোকৰ যজ্ঞ-বেদিৰ শিঙাত কটা হৈছে।


হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?


এই হেতুকে প্ৰভু যিহোৱাই কৈছে: কঁহে ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; তুমি চিঠি নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা।


ইফ্ৰয়িমৰ অপৰাধ বান্ধি থোৱা হ’ল; তেওঁৰ পাপবোৰ সাঁচি থোৱা হ’ল।


যাকোবৰ গৌৰৱৰ নামেৰে যিহোৱাই শপত খাই কৈছে, “মই নিশ্চয়ে তেওঁলোকে যি কাৰ্যবোৰ কৰিছে, তাৰ এটিকো কেতিয়াও নাপাহৰিম।”


এই কথা মই জানো সাঁচি ৰখা নাই? মোৰ ভঁড়ালত জানো মোহৰ মাৰি থোৱা নাই?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন