2 “যিহূদাক শোক কৰিবলৈ দিয়া; আৰু তাৰ বৰদুৱাৰ কেইখনে বিলাপ কৰ’ক। তেওঁলোকে ক’লা কাপোৰ পিন্ধি মাটিত বহিছে; আৰু যিৰূচালেমৰ চিঞঁৰ ওপৰলৈ উঠিছে।
দৰিদ্ৰৰ কাতৰোক্তি তাৰ আগত উপস্থিত কৰে, আৰু দুখিত বিলাকৰ কাতৰোক্তি তেওঁৰ কাণত পেলায়।
আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে; দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়; আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়।
তেতিয়া ঈশ্বৰে তেওঁলোকৰ ক্রন্দন শুনি, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ লগত কৰা তেওঁৰ নিয়মটি পুনৰ সোঁৱৰণ কৰিলে।
মোৰ হৃদয়ে মোৱাবৰ বাবে কান্দিছে, তাৰ প্ৰধান লোকসকলে চোৱৰলৈ ইগ্লৎ-চলিচিয়ালৈ পলাই গৈছে। তেওঁলোকে লুহীতলৈ উঠি যোৱা বাটেদি কান্দি কান্দি উঠি গৈছে; তেওঁলোকে হোৰোণয়িমলৈ যোৱাৰ বাটত তেওঁলোকৰ বিনাশৰ কাৰণে উচ্চস্বৰে বিলাপ কৰিছে।
দ্ৰাক্ষাৰসৰ কাৰণে লোকসকলে বাটত কান্দিছে; সকলো আনন্দ মাৰ গ’ল, দেশত আনন্দ ধ্বনি নাইকিয়া হ’ল।
পৃথিৱীয়ে শোক কৰি লেৰেলা পৰিছে, জগতখন দুৰ্ব্বল হৈ জয় পৰিছে, পৃথিৱীৰ সম্ভ্ৰান্ত লোকসকল দুৰ্ব্বল হৈছে।
নতুন দ্ৰাক্ষাৰসে শোক কৰিছে, দ্ৰাক্ষালতা জয় পৰি গৈছে, আনন্দিত মনৰ লোকসকলে হুমুনীয়াহ কাঢ়িছে।
যিৰূচালেমৰ ৰাজ-দুৱাৰবোৰে ক্ৰন্দন আৰু বিলাপ কৰিব, আৰু তেওঁ অকলশৰে মাটিত বহিব।
দেশে শোক কৰিছে আৰু নষ্ট হৈছে; লিবানোনে বিবুদ্ধিত পৰিছে আৰু জঁই পৰিছে; চাৰোণ মৰুভূমিৰ দৰে হৈছে; বাচান আৰু কৰ্মিলে পাত সৰাইছে।
কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
এই হেতুকে যিহোৱাই এইদৰে কৈছে: “চোৱা, তেওঁলোকে সাৰিব নোৱাৰা অমঙ্গল মই তেওঁলোকলৈ ঘটাম। তেতিয়া তেওঁলোকে মোৰ আগত কাতৰোক্তি কৰিব, কিন্তু মই তেওঁলোকৰ কথা নুশুনিম।
তেওঁলোকে তাক উচ্ছন্ন ঠাই কৰিলে, সেয়ে ধ্বংস হৈ মোৰ আগত বিলাপ কৰিছে; সমুদায় দেশ উচ্ছন্ন হ’ল, কাৰণ কোনেও মনোযোগ কৰা নাই।
কিমান দিন দেশে শোক কৰিব, আৰু সমস্ত দেশৰ তৃণ শুকাই থাকিব? নিবাসীসকলৰ দুষ্টতাৰ বাবে পশু আৰু পক্ষীবোৰ সংহাৰ হৈছে; কাৰণ, আমাৰ অন্তিম কাল কোনেও নেদেখিব বুলি তেওঁলোকে কৈছে।
তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞঁৰ শুনা যাওঁক; কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাত খানিলে, আৰু মোৰ ভৰিলৈ ফান্দ পাতিলে!
এই হেতুকে মই যি ক’লো, মোৰ লোকসকললৈ এইদৰেই কৰিম, আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে শোক কৰা যেন হ’ব আৰু ওপৰত থকা আকাশ-মণ্ডল অন্ধকাৰময় যেন হ’ব।”
জাতিবোৰে তোমাৰ অপমানৰ কথা শুনিছে, আৰু তোমাৰ চিঞৰৰ শব্দেৰে পৃথিৱী পৰিপূৰ্ণ হৈছে, কিয়নো বীৰে বীৰত খুন্দা খাই দুয়ো একেলগে পতিত হ’ল।
মোৰ জাতিস্বৰূপা জীয়াৰীৰ আঘাতৰ কাৰণে মই অতিশয় আঘাতিত হৈছোঁ, মই শোক কৰিছোঁ, বিচুৰ্ত্তি খাইছোঁ।
যিহোৱাই উদ্দেশ্যমূলকভাৱে চিয়োন-জীয়াৰীৰ গড় নষ্ট কৰিবলৈ মনস্থ কৰিলে। তেওঁ পৰিমান-জৰী পাৰি সেই গড় বিনষ্ট কৰাৰ পৰা তেওঁৰ হাত নোকোঁচালে। আৰু তেওঁ দুৰ্গৰ চৰিওফালে থকা গড়বোৰক বিলাপ কৰালে আৰু দুৰ্গবোৰ শক্তিহীন কৰিলে।
চিয়োন-জীয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গ’ল; চিয়োনৰ দুৱাৰৰ ডাংবোৰ যিহোৱাই নষ্ট কৰিলে আৰু ভাঙিলে। তাইৰ ৰজা আৰু ৰাজকুমাৰসকল অনা-ইহুদীসকলৰ মাজত আছে, য’ত মোচিৰ কোনো বিধান নাই। আনকি তাইৰ ভাববাদীসকলে যিহোৱাৰ পৰা কোনো দৰ্শন পোৱা নাছিল।
দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে; আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে।
এই কাৰণে দেশে শোক কৰিছে, আৰু যি সকলে তাত বাস কৰে তেওঁলোক দুর্বল হৈ গৈছে। বনৰীয়া পশু আৰু আকাশৰ চৰাইবোৰ, এনেকি সমুদ্রৰ মাছবোৰৰ বিনাশ হৈছে।
পথাৰবোৰ নষ্ট হ’ল, ভূমিয়ে শোক কৰিছে। কিয়নো শস্য নষ্ট কৰা হ’ল, নতুন দ্ৰাক্ষাৰস শুকাল, আৰু তেল নাইকিয়া হ’ল।
হে খেতিয়কসকল, লজ্জিত হোৱা, হে দ্ৰাক্ষাবাৰী আপডাল কৰোঁতাসকল, ঘেঁহু ধান আৰু যৱৰ বাবে বাবে বিলাপ কৰা। কিয়নো পথাৰৰ শস্য বিনষ্ট হ’ল।
তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা। পৰিচাৰকসকল আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহত যিহোৱালৈ কাতৰোক্তি কৰা,
সিহঁতৰ আগত জাতিবোৰে যাতনা পায়, আৰু সিহঁতৰ আটাইৰে মুখ বিবৰ্ণ হয়।
মই দেশ, পৰ্ব্বত, আৰু শস্যৰ ওপৰত, নতুন দ্ৰাক্ষাৰস, তেল, আৰু ভূমিয়ে উৎপন্ন কৰা বস্তুৰ ওপৰত, আৰু মানুহ, পশু, আৰু তোমালোকৰ হাতৰ পৰিশ্ৰমৰ সকলো ফলৰ ওপৰত খৰাং মাতিলো’।”
যেতিয়া বাহিনীসকলৰ যিহোৱাই লোকসকলক মাতিছিল, তেতিয়া লোকসকলে নুশুনিলে। ‘সেই একেধৰণে’ বাহিনীসকলৰ যিহোৱাই ক’লে, “তেওঁলোকে চিঞৰি মাতিব, কিন্তু মই নুশুনিম।
যি লোকসকৰ মৃত্যু হোৱা নাছিল, তেওঁলোক বিহ ফোঁহোৰাৰে পীড়িত হৈছিল; যাৰ ফলত নগৰৰ লোকসকলৰ আৰ্তনাদ আকাশলৈকে উঠিল।
“কাইলৈ এনে সময়তে মই বিন্যামীন প্ৰদেশৰ পৰা এজন মানুহ তোমাৰ ওচৰলৈ পঠাম; তেওঁক মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বলৈ তুমি তেওঁক অভিষেক কৰিবা, তাতে তেওঁ মোৰ প্ৰজাক পলেষ্টীয়াসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিব; কিয়নো, মোৰ প্ৰজাসকলৰ কাতৰোক্তিৰ শব্দ মোৰ কাণত পৰাত, মই তেওঁলোকলৈ দৃষ্টি কৰিলোঁ।”