22 এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, চোৱা, মই তেওঁলোকক দণ্ড দিম। ডেকাবোৰ তৰোৱালত আঘাতিত হৈ মৰিব। তেওঁলোকৰ পো-জীসকল আকালত মৃত্যু হ’ব।
এই হেতুকে তেওঁ কলদীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে।
এই হেতুকে তুমি তেওঁলোকৰ সন্তান সকলক দুৰ্ভিক্ষত সমৰ্পণ কৰা, আৰু তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিয়া; তেওঁলোকৰ স্ত্রীসকল পুত্ৰহীনা আৰু বিধৱা হওঁক, তেওঁলোকৰ পুৰুষবোৰ মহামাৰীত মৰক, আৰু তেওঁলোকৰ ডেকাবোৰ যুদ্ধত তৰোৱালৰ দ্বাৰাই হত হওঁক।
যিহোৱাই কৈছে, মই তোমালোকৰ কৰ্মফল অনুসাৰে তোমালোকক দণ্ড দিম। “মই যিৰূচালেমৰ কাঠনিত জুই লগাম, তেতিয়া সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।”
কিয়নো যেনেকৈ মই তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই যিৰূচালেমক দণ্ড দিলোঁ, তেনেকৈ এই মিচৰ দেশত প্ৰবাস কৰা লোকসকলকো দণ্ড দিম।
এতেকে, বাহিনীসকলৰ যিহোৱাই কৈছে, তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
কিয়নো মৃত্যুৱে বাহিৰত লৰাহঁত আৰু চকত ডেকাসকল উচ্চন্ন কৰিলে। খিড়িকিয়েদি উঠি আমাৰ অট্ৰালিকাবোৰত সোমাল।
ডেকা আৰু বুঢ়া লোক, আলিবাটৰ মাটিত পৰি আছে। মোৰ যুৱতী আৰু যুৱকসকল তৰোৱালৰ দ্বাৰাই পতিত হৈছে। তুমি তোমাৰ ক্ৰোধৰ দিনাত তেওঁলোকক বধ কৰিলা; তুমি দয়া নকৰি হত্যা কৰিলা।
মিচৰলৈ যেনেকৈ পঠাইছিলো, তেনেকৈ “মই তোমালোকৰ মাজলৈ মহামাৰী পঠালোঁ; তোমালোকৰ যুবকসকলক মই তৰোৱালৰ দ্বাৰাই বধ কৰিলোঁ; তোমালোকৰ ঘোঁৰাবোৰ লৈ গলোঁ; তোমালোকৰ ছাউনিৰ দু্ৰ্গন্ধ তোমালোকৰ নাকত সুমুৱাই দিলোঁ; তথাপি তোমালোকে মোলৈ ঘূৰা নাই।” যিহোৱাই এই কথা কৈছে।