4 তেতিয়া তেওঁলোকে তাক ৰূপ আৰু সোণেৰে অলংকৃত কৰে। আৰু সেয়ে নপৰিবৰ বাবে হাতুৰীৰে গজাল মাৰি তাক মজবুত কৰে।
তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য।
জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।
কমাৰে তেওঁৰ সজুলিৰে সৈতে কাম কৰে, তেওঁ লোহাৰ অস্ত্ৰ আঙঠাৰ ওপৰত দি নিৰ্ম্মাণ কৰে। তেওঁ হাতুৰীৰে তাক গঢ় দিয়ে, আৰু নিজৰ বলবান হাতেৰে তাক বনায়। তেওঁ ভোকাতুৰ হয়, আৰু তেওঁৰ বল হ্রাস পায়, তেওঁ পানী নাখায় আৰু মূৰ্ছা যায়।
লোকসকলে মোনাৰ পৰা সোণ ঢালি দিয়ে আৰু তৰ্জুত ৰূপ জোখে। তেওঁলোকে তাৰ দ্বাৰাই এক দেৱতা নিৰ্মাণ কৰিবলৈ সোণাৰীক বেচ দিয়ে; তেওঁলোকে সেই দেৱতাক প্ৰণিপাত কৰে, আৰু পূজাও কৰে।
তেওঁলোকে তাক তেওঁলোকৰ কান্ধত উঠাই আৰু কঢ়িয়াই লৈ যায়, তেওঁলোকে নিজ ঠাইত তাক স্থাপন কৰে; তাতে সি থিয় হৈ থাকে, আৰু নিজৰ ঠাইৰ পৰা লৰচৰ নহয়। তেওঁলোকে তাৰ আগত কান্দে, কিন্তু উত্তৰ দিব নোৱাৰে, নাইবা তেওঁলোকক সঙ্কটৰ পৰা উদ্ধাৰ কৰিবও নোৱাৰে।
এতিয়া তেওঁলোকে অধিককৈ পাপ কৰি আছে; তেওঁলোকে তেওঁলোকৰ ৰূপেৰে নিজৰ কাৰণে সাঁচত ঢলা মূর্তি, অর্থাৎ নিজৰ কলা-কৌশলেৰে প্ৰতিমা সাজিলে; এই সকলোবোৰ শিল্পকাৰৰ কাৰ্য; এই মূর্তিবোৰৰ সম্বন্ধে তেওঁলোকে কয়, “যি সকলে উৎসর্গ কৰে, তেওঁলোকে দামুৰিৰ মূর্তিবোৰক চুমা খাওঁক”।
যি জনে কাঠক সাৰ পোৱা বুলি কয়, বা শিলক উঠা বুলি কয়, তেওঁৰ সন্তাপ হ’ব! সেইবোৰে জানো শিক্ষা দিব? চোৱা, এইবোৰত সোণ আৰু ৰূপ খটোৱা হৈছে, কিন্তু সেইবোৰৰ ভিতৰত কিঞ্চিতো প্রাণবায়ু নাই।