15 সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য মাথোন; দণ্ড দিয়াৰ সময়ত সেইবোৰ বিনষ্ট হব।
হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা! তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
চোৱা, তোমালোকৰ মুৰ্ত্তিবোৰ একো নহয়, আৰু তোমালোকৰ কাৰ্যও একো নহয়; তোমালোকক মনোনীত কৰা জন ঘৃণনীয়।
চোৱা, তেওঁলোকৰ সকলোৱে অসাৰ, আৰু তেওঁলোকৰ কাৰ্যও অসাৰ; তেওঁলোকৰ সাঁচত ঢলা মুৰ্ত্তিবোৰ ভাপ আৰু শূন্য মাথোন।
মইয়ে তোমাৰ ধাৰ্মিকতা প্ৰকাশ কৰিম, কিন্তু তোমাৰ কাৰ্যৰ দৰে, তোমাক সেইবোৰে সহায় নকৰিব।
তোমালোকে তেওঁলোকক এই কথা কোৱা, ‘যি দেৱতাবোৰে আকাশ-মণ্ডল স্ৰজন কৰা নাই, সেইবোৰ পৃথিৱীৰ পৰা, আকাশ-মণ্ডলৰ তলৰ পৰা উচ্ছন্ন হব।’
কিন্তু তেওঁলোক সম্পূৰ্ণকৈ পশুতুল্য আৰু নিৰ্ব্বোধ; মূৰ্ত্তিবোৰৰ শিক্ষা লোৱা এডোখৰ কাঠ মাথোন।
জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে? বা আকাশে জানো নিজ জল বৰ্ষাব পাৰে? হে আমাৰ ঈশ্বৰ যিহোৱা, তুমিয়েই জানো এই জনা নোহোৱা? এই হেতুকে আমি তোমালৈ বাট চাই থাকিম; কিয়নো তুমিয়েই এই সকলো কৰিলা।
কিয়নো মোৰ প্ৰজাসকলে মোক পাহৰিলে, তেওঁলোকে অসাৰ দেৱতাবোৰৰ উদ্দেশ্যে ধুপ জ্বলালে; আৰু তেওঁলোকৰ দেশ আচৰিতৰ আৰু সদায় ইচ্ ইচ্ কৰাৰ বিষয় কৰিবৰ বাবে,
আৰু তেতিয়া মই মিচৰৰ দেৱতাবোৰৰ ঘৰত জুই লগাম; তেওঁ সেইবোৰৰ কেতবোৰ দগ্ধ কৰি লৈ যাব; আৰু মেৰৰখীয়াই নিজৰ গাত কাপোৰ লোৱাদি তেওঁ এই মিচৰ দেশেৰে নিজকে সজ্জিত কৰিব; পাছে তেওঁ এই ঠাইৰ পৰা শান্তিৰে ওলাই যাব।
তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।
সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য মাথোন; দণ্ড দিয়া কালত সেইবোৰ বিনষ্ট হ’ব।
তেওঁলোকে ঘিণলগীয়া কাৰ্য কৰাত লাজ পাওঁক ছাৰি তেওঁলোকে মুখ বিবৰ্ণ কৰিবলৈকে জনা নাই? এই কাৰণে তেওঁলোক পতিত হোৱা লোকসকলৰ মাজত পতিত হ’ব; যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়া সময়ত তেওঁলোকে উজুটি খায় পৰিব।
চোৱা! অতি দূৰ দেশৰ পৰা মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাতৰোক্তিৰ স্বৰ শুনা গৈছে। যিহোৱা চিয়োনত নাই নে? তাৰ ৰজা তাৰ ভিতৰত নাই নে? তেওঁলোকে কটা প্ৰতিমা আৰু বিজাতীয় অসাৰ বস্তুবোৰৰ দ্বাৰাই মোক কিয় বেজাৰ দিছে?
ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত, প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে; তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে “ভাববাদীক নিৰ্ব্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”
যিসকলে অসাৰ দেৱতাবোৰক মানে, তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা, তাক অৱহেলা কৰে।
বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।
“ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেই জনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রোধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
কোনো অসাৰ বস্তুৰ পাছত তোমালোক নাযাবা; সেয়া তোমালোকৰ কাৰণে লাভ জনক নহয় বা তোমালোকক ৰক্ষা নকৰে, কাৰণ এই সকলো অসাৰ।
তাৰ পাছদিনাও তেওঁলোকে পুৱাতে উঠি দেখিলে যে, যিহোৱাৰ চন্দুকৰ সন্মুখত দাগোন মাটিত উবুৰি হৈ পৰি আছে, আৰু দাগোনৰ মুৰটো আৰু হাত দুখন কটাহৈ দুৱাৰ দলিত পৰি আছে; কেৱল তাৰ গাডোখৰ মাথোন অৱশিষ্ট থাকিল।