16 তেতিয়া তেওঁলোকৰ পাছে পাছে খেদি যাবৰ বাবে নগৰত থকা সকলো লোকক গোট খাবলৈ মতা হ’ল আৰু তেওঁলোকে যিহোচূৱাৰ পাছে পাছে খেদি লৈ গ’ল, আৰু এইদৰে তেওঁলোক নগৰৰ পৰা বহু দূৰলৈ আতৰি গ’ল।
তেতিয়া বিন্যামীনৰ সন্তানসকলে গিবিয়াৰ পৰা ওলাই আহি ইস্রায়েলীসকলৰ বিৰুদ্ধে যুজ কৰিবলৈ আহিল আৰু তেওঁলোকক ওচৰৰ পৰা দূৰলৈ লৈ যোৱা হ’ল। আৰু তেওঁলোকে আগৰ দৰে লোকসকলৰ মাজত প্ৰহাৰ কৰি বৈৎএললৈ যোৱা আৰু পথাৰৰ মাজেদি গিবিয়ালৈ যোৱা এই দুই ৰাজ বাটত ইস্ৰায়েলৰ মাজৰ ত্ৰিশজন মান লোকক বধ কৰিলে।
কিয়নো সিহঁত ভূতবোৰৰ আত্মা, আচৰিত চিন দেখুৱাওঁতা; সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলক গোট খুৱাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ ওলাই গ’ল।
ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)।
আৰু ইস্ৰায়েলৰ পাছত খেদি যাওঁতে যাওঁতে অয় আৰু বৈৎএলত এজন লোকো অৱশিষ্ট নাথাকিল৷ তেওঁলোকে নগৰৰ দুৱাৰ মুকলিকৈ এৰি থৈ, সকলোৱে ইস্ৰায়েলৰ পাছত খেদি গ’ল।