Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহো 7:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 লুটদ্ৰব্যৰ মাজৰ এটা উত্তম বাবিলীয়া চোলা, দুশ চেকল ৰূপ আৰু পঞ্চাশ চেকল জোখৰ জিভা আকৃতিৰ এচটা সোণ দেখি, লোভতে মই সেইবোৰ ললোঁ৷ সেইবোৰ মোৰ তম্বুৰ ভিতৰত মাটিত পুতি থোৱা আছে আৰু সেইবোৰৰ তলতে ৰূপো আছে।”

অধ্যায়টো চাওক কপি কৰক




যিহো 7:21
35 পৰস্পৰ সংযোগসমূহ  

নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি।


নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; ই দেখাত লোভনীয় আৰু জ্ঞান লাভ কৰা কথাটোও মনোমোহা; তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে।


ভনীয়েকক ভ্রষ্ট কৰাৰ কাৰণে যাকোবৰ আন আন পুত্ৰসকলেও হত হোৱা লোকসকলৰ কাষলৈ গৈ নগৰখন লুটপাত কৰিলে।


ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে।


পাছত এদিন সন্ধিয়া সময়ত, দায়ূদে শয্যাৰ পৰা উঠি তেওঁৰ ৰাজগৃহৰ চালৰ ওপৰত ঘূৰি ফুৰি আছিল৷ তাতে তাৰ পৰা চাই এগৰাকী মহিলাক গা ধুই থকা দেখিলে; মহিলা গৰাকী দেখিবলৈ অতি শুৱনি আছিল।


তাৰবাবে কুষ্ঠৰোগী কেইজনে ছাউনিৰ ওচৰলৈ গৈ এটা তম্বুৰ ভিতৰত সোমাই খোৱা-বোৱা কৰিলে আৰু তাৰ পৰা সোণ, ৰূপ আৰু কাপোৰ-কানিবোৰ লৈ গৈ লুকুৱাই ৰাখিলে। তাৰ পাছত তেওঁলোকে পুনৰ ঘূৰি আহি আন এটা তম্বুত সোমাই তাৰ পৰাও বহুত বস্তু লৈ গৈ লুকুৱাই ৰাখিলে।


মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ?


অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা; তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা।


তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা; তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভার্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁৰ দাসী, তেওঁৰ গৰু, তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।”


সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়; অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়।


যেতিয়া দ্ৰাক্ষাৰস ৰঙা হৈ থাকে, পাত্ৰত দগমগায়, আৰু সহজে পেটলৈ যায়, তেতিয়া তালৈ দৃষ্টি নকৰিবা।


কৃপণ লোকে ধনী হ’বলৈ অগ্রসৰ হয়; কিন্তু দৰিদ্ৰতা যে তেওঁৰ ওচৰলৈ আহি আছে, সেই বিষয়ে তেওঁ নাজানে।


সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।


তোমালোকে কৈছিলা, “আমি মৃত্যুৰ সৈতে এটি নিয়ম স্থাপন কৰিলোঁ, আৰু চিয়োলৰ সৈতে আমাৰ চুক্তি আছে। সেয়ে যেতিয়া প্ৰলয় কৰা বিচাৰ মাজেৰে যাব তেতিয়া আমাৰ ওচৰ নাচাপিব; কিয়নো আমি মিছাক আমাৰ আশ্ৰয়, আৰু ছলক আমাৰ লুকুৱাৰ ঠাই কৰিলোঁ।”


যিহোৱাৰ পৰা নিজৰ কল্পনা গভীৰ ভাৱে লুকুৱাব খোজা জনৰ সন্তাপ হ’ব, আৰু আন্ধাৰত কাৰ্য কৰা জন, তেওঁলোকে কয়, “আমাক কোনে দেখে? আমাক কোনে জানে?” তেওঁলোকৰ সন্তাপ হ’ব।


যিজনে নিজৰ ঘৰৰ বাবে পাপ অৰ্জন কৰে, সেই জনৰ সন্তাপ হ’ব। দুষ্টৰ হাতৰ পৰা উদ্ধাৰ পাবলৈ, তেওঁ ওখ ঠাইত নিজৰ আশ্রয়স্থান স্থাপন কৰে।’


তেওঁ তেওঁলোকক পুনৰ ক’লে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”


“কিন্তু যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি জানিব পৰা নহব, এনে লুকুৱা বস্তু নাই।


আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;


আপোনালোকে নিশ্চয়ে জানে যে, যি সকলে ব্যভিচাৰ কৰে বা যি সকল অশুচি আৰু লুভীয়া, যি সকলক মূৰ্তিপূজক বুলি কোৱা হয়, তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই।


আপোনালোকে তেওঁলোকৰ দেৱতাবোৰৰ খোদিত মুৰ্ত্তিবোৰ জুইত পুৰি ভষ্ম কৰিব; আপোনালোক যেন ফান্দত নপৰে, এই কাৰণে সেইবোৰত থকা ৰূপ বা সোণলৈ লোভ নকৰিব আৰু তাক নিজৰ কাৰণে নল’ব; কিয়নো সেইবোৰ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ অতিশয় ঘিণলগীয়া বস্তু।


এতেকে আপোনালোকে, পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওঁক; নিজ নিজ অঙ্গ-প্ৰত্যঙ্গ স্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভ, যেনে মূৰ্তিপূজা৷


আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।


তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷


তেতিয়া আখানে উত্তৰ দি যিহোচূৱাক ক’লে, “সঁচাকৈ মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ৷ মই এনে কাৰ্য কৰিলোঁ:


তেতিয়া যিহোচূৱাই বাৰ্তাবাহকসকলক সেই ঠাইলৈ পঠিয়ালে আৰু তেওঁলোকে তাৰ তম্বুৰ ভিতৰলৈ লৰি গ’ল৷ সেই ঠাইলৈ গৈ তেওঁলোকে দেখিলে যে, সেই বস্তু তাৰ তম্বুৰ ভিতৰত পুতি থোৱা আছে আৰু সেইবোৰৰ তলত ৰূপো আছে,


এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে মন্দ কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন