Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহো 3:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 পাছত নিয়ম-চন্দুক কঢ়িয়াই নিয়া লোকসকলে যেতিয়া যৰ্দ্দন পালে, তেতিয়া নিয়ম-চন্দুক কঢ়িওৱা পুৰোহিতসকলৰ ভৰি নদীৰ দাঁতিৰ পানীত ডুবাই দিয়া মাত্ৰকে (শষ্য চপোৱা সময়ত যৰ্দ্দনৰ পানী পাৰ ওফন্দি উঠি বাগৰি যায়),

অধ্যায়টো চাওক কপি কৰক




যিহো 3:15
12 পৰস্পৰ সংযোগসমূহ  

তেওঁলোক প্ৰথম মাহত যৰ্দ্দন পাৰ হৈছিল, যেতিয়া ইয়াৰ পানী দুয়োপাৰে বাগৰি পাৰ হয়, এনে সময়ত তেওঁলোক পাৰ হৈ, পূব আৰু পশ্চিম দুয়ো দিশৰ উপত্যকাত বাস কৰা সকলক খেদিছিল।


চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু মই চকুৰ পচাৰতে তেওঁক তাৰ পৰা লৰুৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্ত কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?


তুমি পদাতিকসকলকৰ লগত লৰ মাৰিলে, তেওঁলোকে যদি তোমাক ক্লান্ত কৰে, তেন্তে ঘোঁৰাৰ লগত লৰ মাৰি কেনেকৈ জিকিবা? আৰু যদিও তুমি শান্তিৰ দেশত নিৰাপদে থাকা, তথাপি যৰ্দ্দনৰ শোভাস্বৰূপ অৰণ্যত কি কৰিবা?


তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক কঢ়িয়াই নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজৰ পৰা উঠি আহি শুকান ভূমিত ভৰি দিয়াৰ লগে লগে যৰ্দ্দনৰ পানী নিজ ঠাইলৈ উলটি আহিল আৰু পূৰ্বৰ দৰে গোটেই পাৰ ওফন্দি উঠি বাগৰি গ’ল।


সমুদায় পৃথিবীৰ প্ৰভু যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে নিজ ভৰিৰ পতা যৰ্দ্দন নদীৰ পানীত দিয়াৰ পাছতে যর্দ্দনৰ যি পানী ওপৰৰ পৰা বৈ আহিছে, সেই পানীবোৰ দ’ম খাই ৰ’ব।”


দৰিদ্রসকলৰ ভৰিয়ে তাক গচকিছে, আৰু অভাৱীসকলেও তাক গচকিছে।


তাৰ পাছত এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যৰ্দ্দনলৈ পঠাইছে।” ইলীচাই উত্তৰ দিলে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” সেয়ে তেওঁলোক দুয়ো যাবলৈ ধৰিলে।


তেওঁ সমুদ্ৰক ধমকি দি শুকুৱাই পেলায় আৰু আটাই নদ-নদী শুকান কৰে; বাচানৰ সৈতে কৰ্মিল অৱসন্ন হ’ল, লিবানোনৰ ফুলবোৰো শুকাই গ’ল।


বিন্যামীনৰ আৰু যিহূদাৰ মাজৰ কিছুমান লোক দায়ূদৰ দুৰ্গলৈ আহিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন