12 এই হেতুকে তোমালোকে এতিয়া ইস্ৰায়েলৰ এক এক ফৈদৰ পৰা এজনকৈ লোকক ল’বা; এইদৰে বাৰ ফৈদৰ পৰা বাৰ জনক নির্বাচন কৰি লোৱা।
“তোমালোকে লোকসকলৰ এক এক ফৈদৰ এজন এজন কৈ ক্ৰমে বাৰ ফৈদৰ পৰা বাৰ জনক লোৱা,
আৰু নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলৰ ভৰি থিৰে থকা ঠাইত, যৰ্দ্দনৰ মাজত যিহোচূৱাই বাৰটা শিল স্থাপন কৰিলে৷ সেই শিল স্মৃতিচিহ্ন হৈ আজিলৈকে সেই ঠাইতে আছে।
তেতিয়া যিহোচূৱাই বাৰ জন লোকক মাতি আনিলে৷ এই লোককেইজন ইস্ৰায়েলৰ প্ৰত্যেক গোষ্ঠীৰ সন্তান সকলৰ মাজৰ পৰা এজন এজনকৈ যুগুত কৰি থোৱা লোক৷
সমুদায় পৃথিবীৰ প্ৰভু যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে নিজ ভৰিৰ পতা যৰ্দ্দন নদীৰ পানীত দিয়াৰ পাছতে যর্দ্দনৰ যি পানী ওপৰৰ পৰা বৈ আহিছে, সেই পানীবোৰ দ’ম খাই ৰ’ব।”
“মই ইস্ৰায়েল সন্তান সকলক যি দেশ দিম, সেই কনান দেশ গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। তোমালোকে তেওঁলোকৰ নিজ নিজ পিতৃ-বংশৰ প্রত্যেকখন ফৈদৰ পৰা এজন এজন অধ্যক্ষক পঠোৱা।”