29 এই সকলো ঘটনাৰ পাছত, যিহোৱাৰ দাস নুনৰ পুত্ৰ যিহোচূৱাৰ এশ দহ বছৰত মৃত্যু হ’ল।
নুনৰ পুত্ৰ যিহোৱাৰ দাস যিহোচূৱাৰ এশ দহ বছৰ বয়সত মৃত্যু হ’ল।
পাছত এই আকাশ-বাণী শুনিলোঁ, “লিখা: এতিয়াৰ পৰা যি সকলে প্ৰভুত মৰে, সেই মৃতসকল ধন্য৷” “হয়”, আত্মাই কৈছে, “তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব; কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ অনুগামী।”
মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে; যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়, তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে।
সেয়ে, যিহোৱাই কোৱা বাক্য অনুসাৰে যিহোৱাৰ দাস মোচিৰ সেই মোৱাব দেশত মৃত্যু হ’ল।
এইদৰে যোচেফ এশ দহ বছৰ বয়সত মৰিল; পাছত তেওঁক সুগন্ধিদ্ৰব্য যুক্ত কৰি, মিচৰত এটা পেড়াত ভৰাই ৰখা হ’ল।
পাছত যোচেফে তেওঁৰ পিতৃ-বংশৰ সৈতে মিচৰ দেশতে নিবাস কৰি থাকিল। আৰু যোচেফ এশ দহ বছৰ জীয়াই থাকিল।
তাৰ পাছত যিহোচূৱাই লোকসকলক নিজ নিজ উত্তৰাধিকাৰলৈ বিদায় দিলে।
তেতিয়া লোকসকলে গাচ পৰ্ব্বতৰ উত্তৰফালে, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা তিম্নৎ-চেৰহত তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ সীমাৰ ভিতৰত তেওঁক মৈদাম দিলে।
ইস্রায়েলবাসীয়ে যিহোচূৱাক তেওঁৰ নিজৰ মাটিৰ সীমাৰ ভিতৰৰ তিন্নৎহেৰচ নামৰ ঠাইত মৈদাম দিলে। এই ঠাই গাচ পর্ব্বতৰ উত্তৰত ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলত আছিল।