Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহো 23:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 নিজ ঈশ্বৰ যিহোৱাই তোমালোকক আদেশ কৰা নিয়মটি যদি তোমালোকে লঙ্ঘন কৰা আৰু তোমালোকে যদি আন দেৱতাবোৰক পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব আৰু তেওঁ তোমালোকক দিয়া এই উত্তম দেশৰ পৰা, তোমালোক সোনকালে বিনষ্ট হ’বা।”

অধ্যায়টো চাওক কপি কৰক




যিহো 23:16
16 পৰস্পৰ সংযোগসমূহ  

কিয়নো যিহোৱাই ইস্ৰায়েলক পানীৰ সোঁতত লৰি থকা নলৰ দৰে আঘাত কৰিব আৰু তেওঁ ইস্ৰায়েলক, তেওঁলোকৰ পূর্বপুৰুষসকলক দিয়া উত্তম দেশৰ পৰা উঘালি, নদীৰ সিপাৰে সিঁচৰিত কৰিব কাৰণ তেওঁলোকে নিজ নিজ আচেৰা মুৰ্ত্তি নিৰ্মাণ কৰি যিহোৱাৰ খং উঠাবলৈ উত্তেজিত কৰিলে৷


কিন্তু তুমি বা তোমালোকৰ সন্তান সকলৰ কোনোৱে যদি কেনেবাকৈ মোৰ পাছত চলিবলগীয়া পথৰ পৰা ঘূৰা বা তোমালোকৰ আগত স্থাপন কৰা মোৰ আজ্ঞা আৰু বিধিবোৰ পালন নকৰি ইতৰ দেৱতাবোৰক সেৱা পুজা কৰা আৰু সিহঁতৰ আগত প্ৰণিপাত কৰা,


তেতিয়া মই ইস্ৰায়েলক দিয়া দেশৰ পৰা তেওঁলোকক উচ্ছন্ন কৰিম আৰু মই নিজৰ কাৰণে পবিত্ৰ কৰা যি গৃহ - সেই গৃহ মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম৷ তাতে সকলো জাতিৰ মাজত ‘ইস্ৰায়েল’ নামটো কেৱল এটা প্ৰবাদ আৰু ঠাট্টাৰ বিষয় হ’ব।


এই সকলো ঘটিছিল, কাৰণ যদিও ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক মিচৰৰ ৰজা ফৰৌণৰ অধীনৰ পৰা বাহিৰ কৰি মিচৰ দেশৰ পৰা লৈ আনিছিল, তথাপিও তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছিল। তেওঁলোকে আন দেৱ-দেৱীৰ পূজা কৰিছিল।


যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।


পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে।


তেতিয়া তেওঁলোকে সোমাই তাক অধিকাৰ কৰি ল’লে। কিন্তু তেওঁলোকে তোমাৰ বাক্য পালন নকৰিলে, বা তোমাৰ ব্যৱস্থাত নচলিলে। তুমি তেওঁলোকক যি যি কাৰ্য কৰিবলৈ আজ্ঞা দিছিলা, সেইবোৰৰ একোকে তেওঁলোকে নকৰিলে, আৰু এই কাৰণে তুমি তেওঁলোকৰ ওপৰত এই সকলো দুৰ্যোগ ঘটালা।


চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।


আৰু মই তেওঁলোকলৈ যি কৰিবৰ মন কৰিছোঁ, তাক তোমালোকলৈ কৰিম’।”


আৰু সেই বোৰৰ আগত প্ৰণিপাত কৰিলে, বা মই নিষেধ কৰা সূৰ্য, চন্দ্ৰ আদি আকাশৰ বাহিনীসকলৰ যি কোনো এজনৰ আগত প্ৰণিপাত কৰে,


কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ যদি আপোনালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব, আৰু আপোনালোকত ফলিয়াব।


কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব।


যিহোৱাৰ ক্রোধ ইস্ৰায়েলবাসীৰ বিৰুদ্ধে জ্বলি উঠাত তেওঁ তেওঁলোকক লুটকাৰীসকলৰ হাতত শোধাই দিলে; সিহঁতে তেওঁলোকক লুট কৰিলে; তেওঁলোকৰ চাৰিওকাষে থকা শত্ৰুবোৰৰ শক্তিশালী হাতত তেওঁলোকক দাসৰূপে বেচিলে; তাতে তেওঁলোকে শত্ৰুবোৰৰ বিৰুদ্ধে থিয় হৈ নিজক পুনৰ ৰক্ষা কৰিব নোৱাৰিলে।


সেয়ে ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত তেওঁ ক’লে, “এই জাতিৰ পূর্বপুৰুষসকলৰ লগত মই যি ব্যৱস্থাৰ চুক্তি কৰিছিলোঁ, তাক এওঁলোকে উলঙ্ঘন কৰিলে আৰু মোৰ কথাও নুশুনিলে।


কিন্তু তোমালোকে যদি বেয়া আচৰণ কৰা, তেন্তে তোমালোক আৰু তোমালোকৰ ৰজা উভয়ে বিনষ্ট হ’বা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন