Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহো 22:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 আৰু ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচে ৰূবেণ, গাদৰ আৰু মনচিৰ লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ বিৰুদ্ধে যে সেই অপৰাধ কৰা নাই, ইয়াতে আমি আজি জানিলোঁ, যে যিহোৱা আমাৰ মাজত আছে; এতিয়া তোমালোকে ইস্ৰায়েলৰ লোকসকলক যিহোৱাৰ হাতৰ পৰা উদ্ধাৰ কৰিলা।”

অধ্যায়টো চাওক কপি কৰক




যিহো 22:31
13 পৰস্পৰ সংযোগসমূহ  

তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।


এইদৰে লোক জনৰ হৃদয়ৰ কোনো গুপ্তকথা প্ৰকাশ পায়৷ তাতে তেওঁ মাটিত উবুৰি হৈ পৰি, নিশ্চয়ে ‘আপোনালোকৰ মাজত ঈশ্বৰ আছে’, এই বুলি ঈশ্বৰৰ সেৱা কৰিব।


“চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।


বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘সেই দিনা জাতি সমূহৰ মাজৰ আটাই ভাষা ক’ব পৰা দহ জন লোকে এজন যিহুদী লোকৰ কাপোৰৰ আঁচল ধৰি ক’ব, “আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে!”


হে চিয়োন-নিবাসীসকল তোমালোক উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মাজত মহান।”


ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব।


জীৱন্ত ঈশ্বৰ যে তোমালোকৰ মাজত আছে আৰু তেওঁ যে কনানীয়া, হিত্তীয়া, হিব্বীয়া, পৰিজ্জীয়া, গিৰ্গাচীয়া, ইমোৰীয়া আৰু যিবুচীয়া লোকসকলক তোমালোকৰ সন্মুখৰ পৰা নিশ্চয়ে যে দূৰ কৰিব, সেই বিষয়ে তোমালোকে ইয়াৰ দ্বাৰাই জানিবা।


মই তেওঁলোকৰ মাজত বাস কৰিবৰ অৰ্থে, তেওঁলোকক মোৰ বাবে এটা ধৰ্মধাম নিৰ্মাণ কৰিবলৈ কোৱা।


যেতিয়া পীনহচ পুৰোহিত আৰু লোকসকলৰ অধ্যক্ষসকল অৰ্থাৎ তেওঁৰ লগৰ ইস্ৰায়েলৰ বংশৰ মুখিয়াল লোকসকলে ৰূবেণ, গাদৰ আৰু মনচিৰ সন্তান সকলৰ এই কথা শুনিলে, তেতিয়া তেওঁলোকে এই বিষয়টো বৰ ভাল দেখিলে।


পাছত ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচে আৰু অধ্যক্ষসকলে ৰূবেণ ও গাদৰ সন্তান সকলৰ পৰা বিদায় হৈ গিলিয়দ দেশৰ পৰা কনান দেশত থকা ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ উলটি আহি তেওঁলোকক বাৰ্ত্তা দিলেহি।


অবীচুৱা, পীনহচ, ইলিয়াজৰ, তাৰ পাছত হাৰোণ প্রধান পুৰোহিত।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন