Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহো 22:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 এই হেতুকে আমি ক’লোঁ, ‘তেওঁলোকে যদি আমাক বা আমাৰ ভাবি-বংশক আগলৈ এনে কথা ক’ব, তেন্তে আমি এই উত্তৰ দিম, চোৱা! আমাৰ ওপৰ পিতৃসকলে নিৰ্ম্মাণ কৰা যিহোৱাৰ যজ্ঞবেদীৰ নমুনা; তেওঁলোকে হোম বা আন বলিদানৰ অৰ্থে নিৰ্ম্মাণ কৰা বেদী নহয়, কিন্তু সেয়ে তোমালোকৰ আৰু আমাৰ মাজত সাক্ষ্য মাত্ৰ।”

অধ্যায়টো চাওক কপি কৰক




যিহো 22:28
9 পৰস্পৰ সংযোগসমূহ  

তেতিয়া লাবনে ক’লে, “এই স্তূপেই আজি তোমাৰে মোৰে মাজত সাক্ষী হৈছে।” এই হেতুকে এই স্তূপৰ নাম গলেদ ৰখা হ’ল।


পাছত ৰজা আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচক সাক্ষাৎ কৰিবলৈ দম্মেচকলৈ গ’ল; তেওঁ দম্মেচকত এটা যজ্ঞবেদী দেখি তাৰ নক্সা, নমুনাৰ লগতে সেইটো তৈয়াৰ কৰাৰ সম্পূর্ণ পৰিকল্পনা ঊৰিয়া পুৰোহিতৰ ওচৰলৈ পঠাই দিলে।


মই তোমাক পৰ্ব্বতত দেখুউৱা নমুনাৰ দৰেই সেই সকলো নিশ্চয় সাজিবা।”


সেই দিনা মিচৰ দেশৰ মাজত যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী, আৰু সীমাত যিহোৱাৰ উদ্দেশ্যে এটা শিলৰ স্তম্ভ হ’ব।


পুৰোহিত সকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছাঁয়া মাথোন৷ কিয়নো মোচিয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্ম্মাণ কৰিবলৈ লৈছিল, তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল, “চাবা, পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হ’ল, ঠিক সেইদৰে নিৰ্ম্মাণ কৰিবা।”


কিন্তু আমাৰ হোম বলি, আন আন বলি আৰু মঙ্গলাৰ্থক বলিদানৰ দ্বাৰাই, যিহোৱাৰ সাক্ষাতে তেওঁৰ আৰাধনা কৰিবলৈ আমাৰ যে অধিকাৰ আছে, এয়ে তোমালোকৰ আৰু আমাৰ মাজত আৰু আমাৰ পাছত আহিবলগীয়া আমাৰ ভাবি বংশৰ মাজত ইয়াৰ সাক্ষী হ’ব; তাতে, ‘যিহোৱাত তোমালোকৰ কোনো ভাগ নাই’, এনে কথা ভবিষ্যতে তোমালোকৰ সন্তানসকলে আমাৰ সন্তানসকলক ক’ব নোৱাৰিব।


আমি যে হোম বা নৈবেদ্য বা বলিদানৰ অৰ্থে আমাৰ ঈশ্বৰ যিহোৱাই নিবাস কৰা গৃহৰ আগত থকা তেওঁৰ যজ্ঞবেদিৰ বাহিৰে, আন যজ্ঞবেদী নিৰ্ম্মাণ কৰি যিহোৱাৰ বিদ্ৰোহী হ’ব খুজিছোঁ বা যিহোৱাৰ পাছত চলিবলৈ আজি বিমুখ হ’ব খুজিছোঁ, এনে কথা আমাৰ পৰা দূৰ হওঁক’।”


পাছত যিহোচূৱাই লোকসকলক ক’লে, “চোৱা, এই শিলে আমাৰ অহিতে সাক্ষী হ’ব৷ কিয়নো আমাৰ আগত যিহোৱাই কোৱা সকলো কথা ই শুনিলে৷ এই হেতুকে তোমালোকে তোমালোকৰ ঈশ্বৰক আসৈ নকৰিবৰ বাবে এইয়ে তোমালোকৰ অহিতে সাক্ষী হ’ব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন