যিহো 22:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201925 কিয়নো তোমালোক আৰু আমাৰ মাজত যিহোৱাই যৰ্দ্দনক সীমা কৰি ৰাখিছে৷ হে ৰূবেণৰ সন্তান সকল, হে গাদৰ সন্তান সকল, যিহোৱাৰ বিষয়ে তোমালোকৰ কৰিবলৈ কোনো ভাগ নাই, গতিকে তোমালোকৰ সন্তান সকলে আমাৰ সন্তান সকলক যিহোৱাৰ অভয়ৰ পৰাহে এৰুৱাব। অধ্যায়টো চাওক |
কিন্তু আমাৰ হোম বলি, আন আন বলি আৰু মঙ্গলাৰ্থক বলিদানৰ দ্বাৰাই, যিহোৱাৰ সাক্ষাতে তেওঁৰ আৰাধনা কৰিবলৈ আমাৰ যে অধিকাৰ আছে, এয়ে তোমালোকৰ আৰু আমাৰ মাজত আৰু আমাৰ পাছত আহিবলগীয়া আমাৰ ভাবি বংশৰ মাজত ইয়াৰ সাক্ষী হ’ব; তাতে, ‘যিহোৱাত তোমালোকৰ কোনো ভাগ নাই’, এনে কথা ভবিষ্যতে তোমালোকৰ সন্তানসকলে আমাৰ সন্তানসকলক ক’ব নোৱাৰিব।
এই হেতুকে বিনয় কৰোঁ, মোৰ প্ৰভু মহাৰাজে আপোনাৰ দাসৰ কথা শুনক। যদি যিহোৱাই মোৰ বিৰুদ্ধে আপোনাক উদগাই থাকে, তেন্তে তেওঁ নৈবেদ্যৰ ঘ্ৰাণ গ্ৰহণ কৰক; কিন্তু যদি মানুহৰ সন্তান সকলেহে তাক কৰে, তেন্তে সিহঁত যিহোৱাৰ সাক্ষাতে শাপগ্ৰস্ত হওঁক; কিয়নো মই যেন যিহোৱাৰ আধিপত্যৰ ভগী নহ’ম, এই কাৰণে সিহঁতে অন্য দেৱতাবোৰৰ আৰাধনা কৰাগৈ বুলি মোক আজি বাহিৰ কৰি খেদিলে।