11 ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল।
তেওঁলোকক যিহূদা দেশৰ হিব্ৰোণ আৰু তাৰ চাৰিওফালৰ চৰণীয়া ঠাই দিয়া হ’ল।
তেতিয়া মৰিয়মে উঠি বেগাবেগিকৈ যিহুদীয়াৰ পার্বত্য অঞ্চলৰ এখন নগৰলৈ গ’ল
তাৰ পাছত চাৰি বছৰৰ শেষত, অবচালোমে ৰজাক ক’লে, “মই আপোনাক বিনয় কৰিছোঁ, মই যিহোৱালৈ যি এটা সঙ্কল্প কৰিলোঁ তাক হিব্ৰোণত পালন কৰিবৰ বাবে মোক যাবলৈ অনুমতি দিয়ক।
তেওঁলোকে হিব্ৰোণৰ বাসিন্দা কনানীয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তল্ময়ক পৰাস্ত কৰিলে। হিব্ৰোণৰ আগৰ নাম আছিল কিৰিয়ৎ-অর্ব্ব।
হুম্টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷
পূর্বে হিব্ৰোণৰ নাম কিৰিয়ৎ-অর্ব্ব আছিল; সেই অৰ্ব্ব অনাকীয়াসকলৰ মাজত এজন মহান লোক আছিল৷ পাছত যুদ্ধ নোহোৱা বাবে দেশ সুস্থিৰ হ’ল।
শেষত যাকোব কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণৰ ওচৰৰ মম্ৰি নগৰত তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ আহিল। এই ঠাইতে অব্ৰাহাম আৰু ইচহাকে বাস কৰিছিল।
কনান দেশৰ কিৰিয়ৎ-অর্ব্ব নগৰত অর্থাৎ হিব্ৰোণত তেওঁৰ মৃত্যু হ’ল; তাতে অব্ৰাহামে চাৰাৰ কাৰণে কান্দি কান্দি শোক কৰিলে।
এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল।
কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে।
আৰু হিব্ৰোণ আদি যি যি ঠাইত দায়ুদ আৰু তেওঁৰ লোকসকল থকিছিল, সেই সকলো ঠাইৰ যুদ্ধাৰুসকলৰ ওচৰলৈ তেওঁ এইবোৰ পঠিয়াই দিলে।