Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহো 19:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 তেওঁলোকৰ সীমাবোৰ, চহচিমা আৰু বৈৎ-চেমচ’তটো লাগিল আৰু তেওঁলোকৰ সীমাৰ অন্ত যৰ্দ্দনত পৰিল৷ তাত ষোল্লখন নগৰ আছিল, তেওঁলোকৰ গাওঁসমূহ গণনা কৰা হোৱা নাছিল।

অধ্যায়টো চাওক কপি কৰক




যিহো 19:22
14 পৰস্পৰ সংযোগসমূহ  

তেওঁ নপ্তালী দেশৰ কেদচৰ পৰা অবীনোৱমৰ পুত্ৰ বাৰাকক মাতি আনি ক’লে, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই আপোনাক এই আজ্ঞা দিছে, ‘তুমি নপ্তালীৰ আৰু জবূলূনৰ বংশৰ দহ হাজাৰ লোক লগত লৈ তাবোৰ পৰ্ব্বতৰ ফালে যোৱা।


বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, “মোৰ জীৱনৰ শপত,” “পৰ্ব্বতবোৰৰ মাজত পর্ব্বত তাবোৰ যেনে, আৰু সমূদ্ৰ পাৰত থকা কৰ্মিল যেনে, নিশ্চয়ে তেওঁ তেনে হৈ আহিব।”


উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি; তাবোৰ আৰু হৰ্মোণে তোমাৰ নামত আনন্দ-ধ্বনি কৰে।


লেবীয়াসকলৰ অৱশিষ্ট, মৰাৰীৰ বংশধৰ সকলক জবূলূন জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে ৰিম্মোন, আৰু চৰণীয়া ঠায়ে সৈতে তাবোৰ দিয়া হ’ল।


মাকচত বিন-ডেকাৰ, চালবীম, বৈৎচেমচত আৰু এলোন বৈৎ-হানন আছিল;


চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই ফৈদৰ পৰা এই ন খন নগৰ পালে।


আৰু তাত যিৰোণ, মিগ্‌দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷


আৰু সেই সীমা চাৰীদৰ পৰা পুব ফাললৈ ঘূৰি, কিশ্লোৎ-তাবোৰৰ সীমালৈকে গ’ল৷ তাৰ পৰা দাবৰতত ওলাই যাফীয়ালৈকো উঠি গ’ল৷


ৰেমৎ, অয়ীন-গন্নীম, এয়িন-হদ্দা আৰু বৈৎ-পচেচলৈ হ’ল৷


এইবোৰেই আছিল ইচাখৰৰ বংশক দিয়া উত্তৰাধিকাৰ; তেওঁলোকৰ এই অঞ্চল নগৰবোৰৰ সৈতে তেওঁলোকৰ গাৱঁৰ লগত অন্তর্ভুক্ত আছিল৷


চীচৰাই এই খবৰ পালে যে, অবীনোৱমৰ পুত্ৰ বাৰাক তাবোৰ পৰ্ব্বতলৈ উঠি গৈছে।


গেৰ্চোমৰ বংশধৰসকলক তেওঁলোকৰ বিভিন্ন গোষ্ঠী অনুসাৰে ইচাখৰ গোষ্ঠীৰ, আচেৰ গোষ্ঠীৰ, নপ্তালী গোষ্ঠীৰ, আৰু বাচানত থকা মনচিৰ গোষ্ঠীৰ পৰা তেৰখন নগৰ দিয়া হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন