Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহো 18:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদৰ নগৰবোৰ আছিল যিৰীহো, বৈৎ-হগ্লা, এমক-কচিচ,

অধ্যায়টো চাওক কপি কৰক




যিহো 18:21
12 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকৰ উত্তৰ ফালৰ সীমা যৰ্দ্দনত আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা উঠি গৈ যিৰীহোৰ উত্তৰ ফালে থকা পর্বতমালা হৈ পশ্চিম দিশে থকা পর্বতৰ দেশলৈকে হ’ল৷ তাৰ পাছত সেই সীমা বৈৎ-আবনৰ মৰুপ্ৰান্তত উপনীত হ’ল৷


পাছত যীচু যিৰীহো নগৰত সোমাই সেই নগৰৰ মাজেদি যাবলৈ ধৰিলে।


তেতিয়া যীচুৱে সমিধান দি ক’লে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল।


সেই সীমা বৈৎ-হগ্লাৰ উত্তৰ দিশে গৈ যৰ্দ্দনৰ দক্ষিণ মুৰত থকা লৱণ-সমুদ্ৰৰ উত্তৰ উপসাগৰত শেষ হ’ল৷ এয়ে দক্ষিণ ফালে থকা সীমা আছিল৷


এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷


সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলৰ ভয়ত যিৰীহো নগৰৰ প্ৰৱেশ পথবোৰ বন্ধ আছিল; ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা-সোমোৱা কৰা নাছিল।


তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷


যৰ্দ্দনেই পূবফালে তাৰ সীমা গঠন কৰিলে। এয়ে আছিল বিন্যামীনৰ ফৈদৰ উত্তৰাধিকাৰ, এই সীমাৰ চাৰিওফালে থকা ঠাই তেওঁলোকক বংশ অনুসাৰে দিয়া হ’ল।


বৈৎ-অৰাবা, চমাৰয়িম, বৈৎএল।


পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়োনলৈ গ’ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল৷ চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত এক হাজাৰ হোম-বলি দিলে।


আৰু অৱশিষ্ট ফৈদবোৰৰ এই এই অংশ হ’ব; পূৱ ফালৰ পৰা পশ্চিম ফাললৈ বিন্যামীনে এক অংশ পাব।


মোচিৰ শহুৰেকৰ বংশৰ সন্তান সকল, যিসকল জাতিত কেনীয়া আছিল, তেওঁলোকে যিহূদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহূদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন