11 নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদক মাটিৰ ভাগ দিয়া হ’ল৷ তেওঁলোকক ভাগ দিয়া অংশৰ অঞ্চল যিহূদাৰ বংশধৰ আৰু যোচেফৰ বংশধৰৰ মাজত অৱস্থিত আছিল৷
ৰাহেলৰ গর্ভত তেওঁৰ পুত্র যোচেফ আৰু বিন্যামীন।
তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
আৰু অৱশিষ্ট ফৈদবোৰৰ এই এই অংশ হ’ব; পূৱ ফালৰ পৰা পশ্চিম ফাললৈ বিন্যামীনে এক অংশ পাব।
আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি নগৰবোৰ আপোনালোকক বাস কৰিবৰ অৰ্থে দিছে, তাৰ কোনো এখনৰ বিষয়ে যদি শুনিবলৈ পায় যে:
তেতিয়া যিহোচূৱাই চীলোত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে৷ এইদৰে যিহোচূৱাই সেই ঠাইতে ইস্ৰায়েলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে।
তেওঁলোকৰ উত্তৰ ফালৰ সীমা যৰ্দ্দনত আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা উঠি গৈ যিৰীহোৰ উত্তৰ ফালে থকা পর্বতমালা হৈ পশ্চিম দিশে থকা পর্বতৰ দেশলৈকে হ’ল৷ তাৰ পাছত সেই সীমা বৈৎ-আবনৰ মৰুপ্ৰান্তত উপনীত হ’ল৷