13 পাছত ইস্ৰায়েলৰ লোকসকল যেতিয়া পৰাক্ৰমী হৈ উঠিল, তেতিয়া তেওঁলোকে কনানীয়াসকলক কঠোৰ কাম কৰি দিবলগীয়া লোক হিচাপে বন্দী কৰিলে, কিন্তু তেওঁলোকক সম্পূর্ণৰূপে দূৰ কৰিব নোৱাৰিলে৷
তেওঁলোকে গেজৰত থকা কনানীয়াসকলক খেদি নপঠিয়ালে; সেয়েহে তেওঁলোক আজিলৈকে ইফ্ৰয়িমৰ সন্তান সকলৰ মাজত বাস কৰি আছে৷ কিন্তু কনানীয়াসকলে তেওঁলোকক সযত্নে কাম কৰি দিবলগীয়া হৈছিল।
মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।
আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।
অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।
চৌলৰ বংশ আৰু দায়ূদৰ বংশৰ মাজত বহুকাল ধৰি যুদ্ধ হ’ল৷ দায়ুদ ক্ৰমে বলৱান হৈ উঠিল, কিন্তু চৌলৰ বংশ হ’লে ক্ৰমে শক্তিহীন হৈ আহিল।
ইমোৰীয়াসকলে হেৰচ পর্বত, অয়ালোন আৰু চালবীমত বাস কৰিবলৈ ধৰিলে; কিন্তু যোচেফৰ বংশৰ লোকসকলৰ সৈন্য শক্তিয়ে সেইবোৰ জয় কৰিলে আৰু ইমোৰীয়াসকলক তেওঁলোকৰ দাসৰ কার্য কৰিবলৈ বাধ্য কৰালে।
নপ্তালী বংশৰ লোকসকলে বৈৎ-চেমচ আৰু বৈৎ-অনাৎৰ লোকসকলক বাহিৰ নকৰিলে আৰু তেওঁলোকে সেই ঠাইৰ কনানীয়াসকলৰ মাজত বাস কৰিবলৈ ধৰিলে; বৈৎ-চেমচ আৰু বৈৎ-অনাৎবাসীক নপ্তালীসকলৰ বাবে কাম কৰিবলৈ বাধ্য কৰালে।
জবূলুন বংশৰ লোকসকলেও কিট্ৰোন আৰু নহলোলৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; তাতে কনানীয়াসকল তেওঁলোকৰ মাজতে বাস কৰি থাকিল, কিন্তু জবূলূনৰ বংশধৰসকলে তেওঁলোকক দাসৰ কাম কৰিবলৈ বাধ্য কৰালে।
পাছত ইস্ৰায়েলীয়াসকল যেতিয়া শক্তিশালী হৈ উঠিল, তেতিয়া তেওঁলোকে সেই কনানীয়াসকলক তেওঁলোকৰ দাস হৈ কাম কৰিবলৈ বাধ্য কৰালে; কিন্তু তেওঁলোকক একেবাৰে খেদি নিদিলে।
সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
যি সন্তান সকল সেই দেশত অৱশিষ্ট থাকিল, যিবোৰক ইস্ৰায়েলৰ সন্তান সকলে নিঃশেষ হোৱাকৈ বিনষ্ট কৰিব নোৱাৰিলে - সিহঁতৰ মাজৰ পৰাই বন্দী কামৰ বাবে ৰজা চলোমনে মানুহ গোটালে, আৰু এই লোকসকলে আজিলৈকে তাকেই কৰি আছে।