60 কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷
এওঁলোক হূৰৰ সন্তান, ইফ্ৰাথাৰ পৰা জন্ম হোৱা প্ৰথম পুত্র হূৰ: কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবল,
মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷
মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,
পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷
বৈৎ-হোৰোণৰ সন্মূখত থকা পর্বতৰ পৰা সেই সীমা পশ্চিম দিশে ঘূৰি যিহূদাৰ গোষ্ঠীৰ নগৰ কিৰিয়ৎ-বাল অর্থাৎ কিৰিয়ৎ-যিয়াৰীমত ইয়াৰ সীমাৰ অন্ত পৰিল; এইদৰে পশ্চিম সীমা গঠন কৰিলে।
ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি তৃতীয় দিনা তেওঁলোকৰ নগৰবোৰৰ ওচৰ পালে৷ তেওঁলোকৰ নগৰবোৰৰ নাম গিবিয়োন, কফীৰা, বেৰোৎ আৰু কিৰিয়ৎ-যিয়াৰীম আছিল।
তেওঁলোকে কিৰিয়ৎ-যিয়াৰীম-নিবাসী লোকসকললৈ দূত পঠাই ক’লে, “পলেষ্টীয়াসকলে যিহোৱাৰ নিয়ম-চন্দুক ওভোটাই আনিলে; তোমালোকে নামি আহি এই নিয়ম-চন্দুক তোমালোকৰ ওচৰলৈ লৈ যোৱা।
তাৰ পাছত কিৰিয়ৎ-যিয়াৰীমৰ লোকসলকে আহি যিহোৱাৰ নিয়ম-চন্দুক লৈ গ’ল আৰু পৰ্ব্বতত থকা অবীনাদবৰ ঘৰত ৰাখিলে। তাতে তেওঁলোকে যিহোৱাৰ সেই নিয়ম-চন্দুক ৰাখিবৰ বাবে তেওঁৰ পুতেক ইলিয়াজৰক পবিত্ৰ কৰিলে।