Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহো 14:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 এই কাৰণে হিব্ৰোণ কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেবৰ উত্তৰাধিকাৰ আজিলৈকে হৈ আছে; কিয়নো তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছাত সম্পূৰ্ণৰূপে চলিছিল।

অধ্যায়টো চাওক কপি কৰক




যিহো 14:14
9 পৰস্পৰ সংযোগসমূহ  

তেতিয়া বাপেকে তেওঁক ক’লে, “তুমি গৈ তোমাৰ ককায়েৰাহঁত আৰু পশুৰ জাকবোৰ কুশলে আছে নে নাই, সেই সংবাদ লৈ আহি মোক দিবা।” ইয়াকে কৈ যাকোবে যোচেফক হিব্ৰোণ উপত্যকাৰ পৰা পঠালে আৰু যোচেফও চিখিমলৈ গ’ল।


মল্কিয়া আছিল ইৎনীৰ পুত্র। ইৎনি আছিল জেৰহৰ পুত্র। জেৰহ আছিল অদায়াৰ পুত্র।


কিন্তু এতিয়া তোমালোকে সাহিয়াল হোৱা আৰু তোমালোকৰ হাত শিথিল নহওঁক, কিয়নো তোমালোকক তোমালোকৰ কাৰ্যৰ পুৰস্কাৰ দিয়া যাব।”


যিহূদা ফৈদৰ মাজৰ যিফুন্নিৰ পুত্ৰ কালেব।


এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।


এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰেই সেই সকলো দেশ যিহোচূৱাই দখল কৰি লৈছিল৷ পাছত যিহোচূৱাই এই দেশবোৰ ইস্ৰায়েলৰ প্ৰত্যেক ফৈদক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আতৰি গ’ল আৰু দেশ সুস্থিৰ হ’ল।


তেতিয়া যিহোচূৱাই যিফুন্নিৰ পুত্ৰ কালেবক আশীৰ্ব্বাদ কৰি তেওঁৰ উত্তৰাধিকাৰৰ অৰ্থে হিব্ৰোণ দিলে।


পূর্বে হিব্ৰোণৰ নাম কিৰিয়ৎ-অর্ব্ব আছিল; সেই অৰ্ব্ব অনাকীয়াসকলৰ মাজত এজন মহান লোক আছিল৷ পাছত যুদ্ধ নোহোৱা বাবে দেশ সুস্থিৰ হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন